শ্বাহৰুখ আৰু ছলমানৰ যুটিয়ে কপাঁব "বিগ বছ"ৰ মঞ্চ

সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান "বিগ বছ"ত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান৷ শনিবাৰ আৰু দেওবাৰে অনুষ্ঠানটোৰ "উইকেণ্ড কা ৱাৰ" সাপ্তাহিক এপিছডটোত মুক্তি অপেক্ষাত থকা ছবি "জিৰো"ৰ প্ৰমোচনৰ কাৰণে উপস্থিত হ’ব শ্বাহৰুখ খান ৷ এপিচ’ডটোত শ্বাহৰুখ খানক "বিগ বছ"ৰ হোষ্ট ছলমানখানৰ লগত একেলগে নৃত্য তথা বিভিন্ন বিষয়ক লৈ ফুৰ্ত্তি কৰা দেখা যাব ৷
লগতে, ছবিখনৰ গীতত দুয়োজন অভিনেতায়ে নৃত্য কৰাও দেখিবলৈ পোৱা যাব ৷ ইতিমধ্যে ইয়াৰ দৃশ্যগ্ৰহণ শুক্ৰবাৰে লোনাৱালাত কৰা হৈছে ৷ আনহাতে,"বিগবছ" উইকেণ্ড কা ৱাৰ এপিছ’ডটোত শ্বাহৰুখ খানে অনুষ্ঠানটোৰ প্ৰতিযোগীসকলক বিভিন্ন প্ৰশ্ন কৰিব । কিন্তু কোন প্ৰতিযোগীক কি প্ৰশ্ন কৰিব সেয়াহে লক্ষ্যনীয় হ’ব ৷
উল্লেখ্য যে, শ্বাহৰুখ খানৰ মুক্তিৰ অপেক্ষাত থকা ছবি "জিৰো"য়ে মুক্তি পাব ২১ ডিচেম্বৰত ৷ নিৰ্দেশক আনন্দ এল ৰায়ৰ ছবি জিৰো অভিনয় কৰিছে কেটৰীণা কাঈফ আৰু অনুস্কা শৰ্মাই ৷ ইফালে সম্পূৰ্ণ ৬ বছৰৰ পিছত শ্বাহৰুখ খান,কেটৰীনা কাঈফ আৰু অনুস্কা শৰ্মাই একেলগে অভিনয় কৰিছে ৷ইয়াৰ পূৰ্বে তিনিওজন ছুপাৰষ্টাৰে "জব তক হ্যে জান"ত অভিনয় কৰিছিল ।
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন