Begin typing your search above and press return to search.

শ্ৰীলংকা বোমা বিস্ফোৰণ: সন্দেহজনক ৭ জনক গ্ৰেপ্তাৰ

শ্ৰীলংকা বোমা বিস্ফোৰণ: সন্দেহজনক ৭ জনক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 April 2019 8:21 AM GMT

শ্ৰীলংকাৰ ধাৰাবাহিক বোমা বিস্ফোৰণ মৃত্যু হোৱা লোকৰ সংখ্যা ২৯০ জনলৈ বৃদ্ধি হৈছে । বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত ইতিমধ্যে ৭ জনক গ্ৰেপ্তাৰ কৰিছে ।

সুত্ৰয়ে প্ৰকাশ কৰা মতে চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলৰ প্ৰায় ২০৭ জনৰ মৃত্যু হোৱাৰ লগতে ৪৫০ ৰো অধিক আহত হৈছে । শনিবাৰে হোৱা এই ভয়াবহ বোমা বিস্ফোৰণত কলম্বোত তিনি জন আৰক্ষী বিষয়া নিহত হৈছে ।

শ্ৰীলংকাৰ চৰকাৰে ইতিমধ্যে মুখ্য ছছিয়েল মেডিয়া আৰু ফেচবুক আৰু হোৱাচ আপৰ মেছেজৰ চাইটত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে বন্ধ কৰি দিছে। আত্মঘাটী বোমাৰো জনে চিনামন গ্ৰেণ্ড হোটেলত পুৱাৰ আহাৰৰ কাৰনে অপেক্ষা কৰি আহিল বুলি প্ৰকাশ কৰিছে ।

দেওবাৰে সন্ত্ৰাসবাদীয়ে তিনিটা গীৰ্জা আৰু ৩ খন হোটেলত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল ।দ্যা সাংগ্ৰি-লায়ে প্ৰকাশ কৰে যে পুৱা ৯ বজাৰত ৰেষ্টুৰেন্টত বোমা বিস্ফোৰণ সংঘটিত কৰিছিল ।

ৰিপোৰ্টৰ মতে মৃতকৰ সংখ্যা ২৯০ জনলৈ বৃদ্ধি হোৱাৰ লগতে ৫০০ জনৰো অধিক আহত হৈছে । ইয়াৰে ৫ জন ভাৰতীয় নাগৰিক । কলম্বোস্থিত ভাৰতীয় দূতাবাসে ইতিমধ্যে ২ জন ভাৰতীক চিনাক্ত কৰিছে।

বিদেশ মন্ত্ৰী সুষমা স্বৰাজে বোমা বিস্ফোৰণত তিনি জন ভাৰতীয়ক চিনাক্ত কৰাৰ কথা প্ৰকাশ কৰিছে । লক্ষ্মমী, নাৰায়ণ চন্দ্ৰশেখৰ আৰু ৰমেশ বুলি প্ৰকাশ কৰিছে । বিদেশ মন্ত্ৰী সুষমা স্বৰাজে টুইটাৰৰ যোগে কয় কলম্বোস্থিত ভাৰতীয় উচ্চায়ুক্তয়ে সকলো সুবিধা আৰু হেল্প লাইন নম্বৰ মুকলি কৰিছে । নম্বৰ কেইটা হৈছে +৯৪৭৭৭৯০৮২, +৯৪১১২৪২২৭৮৮, +৯৪১১২৪২২৭৮৯।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি