Begin typing your search above and press return to search.

শ্ৰী শ্ৰী উঁগ্ৰতাৰা দেৱালয় কমিটিৰ সংবাদমেল: ১,২ মেত উঁগ্ৰতাৰা মহোৎসৱ

শ্ৰী শ্ৰী উঁগ্ৰতাৰা দেৱালয় কমিটিৰ সংবাদমেল: ১,২ মেত উঁগ্ৰতাৰা মহোৎসৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 April 2019 10:00 AM GMT

আজি শ্ৰী শ্ৰী উঁগ্ৰতাৰা দেৱালয়ৰ সভাগৃহত উঁগ্ৰতাৰা দেৱালয় কমিটিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে । ১আৰু ২ মেত উঁগ্ৰতাৰা মহোৎসৱ অনুষ্ঠিত বুলি প্ৰকাশ কৰে কমিটিয়ে । লগতে প্ৰত্যেক বছৰে ২ মে তাৰিখে মহোৎসৱটি উৎযাপন কৰা হব বুলিও প্ৰকাশ কৰে ।

সংবাদমেলত ১৬ নৱেম্বৰ পুৱা অষ্টধাতুৰ বিগ্ৰহ চুৰি হোৱা কথা প্ৰকাশ কৰে । চুৰি হোৱাৰ পাছত নতুনকৈ মাৰ অষ্টধাতু প্ৰতিষ্ঠ কৰা হব ১ আৰু ২ মে উগ্ৰতাৰা মহোৎসৱত। এই মহোৎসৱলৈ সকলো লোককে নিমন্ত্ৰণ কৰে সংবাদমেলৰ জৰিয়তে ।

১ মেৰ সন্ধিয়া ৬.৩০ পৰা আৰম্ভ হব মহোৎসৱ। সন্ধিয়া ৬.৩০ বজাৰ পৰা মাংগলিক কাৰ্য্য আৰম্ভ হব বুলি জানিবলৈ দিয়ে । ২ মে তাৰিখে ৯ বজাত ব্ৰহ্মপুত্ৰৰ পানী আনি ধুৱাৰ পাছত সন্ধিয়া ১৮০০ চাকিৰে সন্ধিয়া বিগ্ৰহত জ্বলোৱা হব । মহোৎসৱটিৰ বাবে চৰকাৰে নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰকাশ কৰাৰ লগতে চৰকাৰী সাহাৰ্য্য দিয়া নাই বুলি প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি