Begin typing your search above and press return to search.

শৰীৰত শেষ বিন্দু ৰক্ত থকালৈকে নাগৰিক বিধেয়কৰ বিৰুধীতা কৰি যাম :প্ৰফুল্ল মহন্ত

শৰীৰত শেষ বিন্দু ৰক্ত থকালৈকে নাগৰিক বিধেয়কৰ বিৰুধীতা কৰি যাম :প্ৰফুল্ল মহন্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:35 AM GMT

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ জেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্ত কয় যে শৰীৰত শেষ বিন্দু ৰক্ত থকা লৈকে অসমীয়া খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত জাতিধংশী নাগৰিক সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুধীতা কৰি যাম।

প্ৰাক্তন মুখ্যমন্ত্ৰীজনে কয় যেএই জাতিধংসী বিধেয়ক খন ৰাজ্য চৰকাৰে সোনকালে বাতিলৰ ব্যৱস্হা কৰিব লাগে নহলে ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলা হব।অসম চুক্তি ৰূপায়ন,এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ লগতে নাগৰিক সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাটো অসমৰ খিলঞ্জীয়া লোক সকলৰ বাবে সমানে প্ৰয়োজনীয়।

প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ নেতৃত্বত অসম আন্দোলন সংগ্ৰামী মঞ্চই দিল্লীৰ জন্তৰ-মন্তৰত নাগৰিক সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত দিনজোৰা প্ৰতিবাদী কাৰ্য্যসুচীৰ ৰূপায়ন কৰিছিল।

Next Story
চাকৰি