শৰৎৰ বতৰত দূৰ্গা প্ৰতিমা সজাত ব্যস্ত তেজপুৰৰ গ্ৰামাঞ্চলৰ শিল্পী

শৰৎৰ বতৰত দূৰ্গা প্ৰতিমা সজাত ব্যস্ত তেজপুৰৰ গ্ৰামাঞ্চলৰ শিল্পী
Published on

কেইদিনমানৰ পিছতে আৰাম্ভ হব শাৰদীয় দূৰ্গা পুজা । এতিয়া শিল্পী সকল ব্যস্ত হৈ পৰিছে প্ৰতিমা সজাত ।তেজপুৰৰ গ্ৰামাঞ্চলৰ প্ৰায় দেৰ শতাধিক পুজাৰ বাবে দূৰ্গা প্ৰতিমা সজাত ব্যস্ত দুই ভাস্কৰ্য্য শিল্পী । এই শিল্পী কেইগৰাকী এতিয়া অধিক ব্যস্ত হৈ পৰা দেখা গৈছে । শিল্পী কেইজন হৈছে খেমেশ্বৰ বৰা আৰু টংকেশ্বৰ কলিতা । তেজপুৰ তেলেৰিয়াৰ খেমেশ্বৰ বৰাই বহু কেইখন পুজাৰ বাবে প্ৰতিমা সজাত ব্যস্ত হৈ পৰিছে ।শিশু অৱস্থাৰ প্ৰতিমা সজাত ব্যস্ত হোৱা বৰাই এইবেলি মিলনপুৰ ,ডেকাৰগাঁও আৰু গৰৈমাৰি অঞ্চলৰ পুজাৰ বাবে প্ৰতিমা সজাত ব্যস্ত হৈ আছে দৰিদ্ৰ শিল্পী গৰাকী । বিহগুৰি অঞ্চলৰ আন এজন চিৰ পৰিচিত শিল্পী টংকেশ্বৰ কলিতা ।১৪বছৰ বয়সৰ পৰা দূৰ্গা প্ৰতিমাৰ লগতে অন্য প্ৰতিমা সজাত ব্যস্ত থকা কলিতাই এই বেলি চাৰি কুৰি গৰাকীৰো প্ৰতিমা সজাত ব্যস্ত । এই শিল্পী সকলে তেজপুৰৰ দাঁতিকাষৰিয়া এলেকাৰ ডেৰ শতাধিক দূৰ্গা পুজা সমিতিৰ দূৰ্গা পুজাৰ বাবে প্ৰতিমা নিমানত ব্যস্ত হৈ আছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com