ষ্টেচু অব ইউনিটীৰ কাষত ডিজিপি-আইজিপি সকলৰ সন্মিলন

নৰেন্দ্ৰ মোডী চৰকাৰে এইবাৰ ২০,২১,২২ ডিচেম্বৰত ডিজিপি আৰু আই জী পি সকলৰ এখন সন্মিলন অনুষ্ঠিত কৰিব ভাৰতৰ লৌহ মানব খ্যাত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৮২ মিটাৰ উচ্চতাৰ মূৰ্তিৰ সমীপত ৷ আহমেদাবাদৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দুৰত্বত এখন জনজাতি জিলাৰ নৰ্মদা নদীৰ চৰ্দাৰ সৰোবৰ বান্ধৰ কাষত নিৰ্মাণ কৰিছে ষ্টেচু অব ইউনিটীৰ মূৰ্তি৷
প্ৰশাসনিক বিষয়াসকলে যাতে লৌহমানব চৰ্দাৰ বল্লভ ভাই পেটেলে কেনেদৰে দেশখনত একতাৰ দোলেৰে একত্ৰিত কৰি সমতা ৰক্ষা কৰিছিল,সেয়া উপলব্ধি কৰিব পাৰে তাৰ কাৰণেই মোডী চৰকাৰে এনেদৰে "ষ্টেচু অৱ ইউনিটী"ৰ কাষত প্ৰশাসনিক বিষয়াসকলৰ সন্মিলনখন অনুষ্ঠিত কৰিছে ৷
লগতে এই সন্মিলনখনত দেশৰ সুৰক্ষা,চাইবাৰ ক্ৰাইম,ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ,সীমা বিবাদ আদি বিষয়সমূহৰ ওপৰত আলোকপাত কৰিব ৷ প্ৰমানমন্ত্ৰী নৰেন্দ্ৰমোডীৰ লগতে বৈঠকখনত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং,কিৰণ ৰিজিজু,ৰাজ্যসমূহৰ ডিজিপি,গৃহ সচিবৰ লগতে অন্যান্য বিষয়াসকল ।
লগতে,বৈঠকখনত প্ৰধানমন্ত্ৰী মোডীয়ে নিত্য নতুন প্ৰযুক্তি বিদ্যাৰ ওপৰত আলোকপাত কৰাৰ সম্ভাৱনা আছে ৷ইয়াৰ পূৰ্বেও ২০১৪ চনত গুৱাহাটীৰ লগতে বিভিন্ন ঠাইত এনেধৰণৰ সন্মিলন অনুষ্ঠিত কৰিছিল ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষ্য অনুসৰি, এনে ধৰণৰ সন্মিলন ৰাজধানী দিল্লীতে সীমাবদ্ধ নাথাকি, সমগ্ৰ দেশত আয়োজন কৰাটো জৰুৰী ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি