
কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱা বুধবাৰে ৮০কোটি টকীয়া বাজেটৰ ষ্টেডিয়াম আৰু পিএমজিএছৱাই পথৰ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে।পৰৱৰ্ত্তী সময়ত,হেমৰন সৰু ষ্টেডিয়ামৰ সমীপত অনুষ্ঠিত হোৱা ৰাজহুৱা সভা খনত ইএম ৰূপসিং তেৰনে সভাপতিত্ব কৰে।তুলিৰাম ৰংহাঙে ১০কোটি টকীয়াৰ হেমৰেন হেবে দেংজা স্পৰ্টচ কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰে।হেমৰেন আৰু চোচেং জিলাত পাহাৰীয়া অঞ্চল হোৱা বাবে বাৰিষা কালত সেই অঞ্চললৈ যাবলৈ কঠিন হৈ পৰে যাৰ বাবে এই পথৰ নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰে।