Begin typing your search above and press return to search.

সংবিধানীক ৰক্ষাকবচৰ দাবী খিলঞ্জীয়া মুছলমানৰ

সংবিধানীক ৰক্ষাকবচৰ দাবী খিলঞ্জীয়া মুছলমানৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 6:36 AM GMT

সদ্য প্ৰকাশিত এনআৰচিত লাখ লাখ বাংলাভাষী মুছলমানৰ নাম অন্তৰ্ভূক্ত হোৱাত অসমৰ খিলঞ্জীয়া মুছলমান সকল শংকিত হৈ পৰিছে, তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা সংবিধানীক ৰক্ষাকবচ দাবী জনাইছে। সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে কয় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত খিলঞ্জীয়া মুছলমান সকলক সংবিধানীক ৰক্ষাকবচ প্ৰদানৰ আশ্বাস দিছিল কিন্তু ক্ষমতাত অহাৰ পাছত সকলো ফুটুকাৰ ফেনত পৰিনিত হোৱাহে দেখিবলৈ পোৱা গৈছে।

গুৱাহাটীত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ এখন সভাত এনআৰচিত ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত প্ৰৱেশ কৰা বাংলাভাষী মুছলমান নাগৰিকৰ নাম অন্তৰ্ভূক্ত হোৱাত খিলঞ্জীয়া মুছলমান সকলৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰক হেচা প্ৰয়োগ কৰিবলৈ সংকল্প লয়।

অসমৰ প্ৰখ্যাত অধিবক্তা নেকিবুৰ জামানে কয় যে বহুসময়ত অসমৰ খিলঞ্জীয়া মুছলমান সকল বাংলাদেশী মুছলমানৰ কাৰনে বিপদত পৰি আহিছে সেইবাবে ৰাজ্য চৰকাৰে অতি সোনকালে খিলঞ্জীয়া সকলক সংবিধানীক ৰক্ষাকবচ প্ৰদান কৰি বিপদৰ পৰা ৰক্ষা কৰিব লাগে।

Next Story
চাকৰি