Begin typing your search above and press return to search.

সকলো সম্ভাৱনীয়তা বাবে সাজু: ডিজিপি কুলধৰ শইকীয়া

সকলো সম্ভাৱনীয়তা বাবে সাজু: ডিজিপি কুলধৰ শইকীয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 April 2019 7:52 AM GMT

লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত সকলো দিশৰ পৰাই আৰক্ষী সকল সাজু বুলি প্ৰকাশ কৰে আৰক্ষীৰ মুখ্য নিৰ্দেশক কুলধৰ শইকীয়াই।

সোমবাৰে লোকসভা নিৰ্বাচনক লৈ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ত ডিজিপি কুলধৰ শইকীয়াৰ সংবাদমেল। এই সংবাদমেলতে অসম আৰক্ষীৰ নডেল বিষয়া তথা এডিজিপি মুকেশ আগৰৱালয়ে প্ৰকাশ কৰে যে সমগ্ৰ ৰাজ্যতে ২৫,০০০ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছে। তাৰে বৰ্তমানৰ কাৰণে ২০,০০০ অসম আৰক্ষীক জমা দিয়া হৈছে । এই পক্ৰিয়াটো বৰ্তমান চলি থকা হৈছে বুলি প্ৰকাশ কৰিছে । ইতিমধ্যে ভাৰতীয় নিৰ্বাচনী আয়োগে এমচিচি (Model code of conduct) জাৰি কৰিছে । ৩২ অবৈধ অস্ত্ৰসস্ত্ৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে |

নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী । এডিজিপিয়ে প্ৰকাশ কৰে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে জমা কৰা হব NBW (non-bailable warrants) । ইতিমধ্যে এই পক্ৰিয়া আৰম্ভ হৈছে বুলি প্ৰকাশ কৰিছে । ইতিমধ্যে ৬,৩০০ NBWs জব্দ কৰা হৈছে । ১,৪০০ বৰ্তমানেও বাকী আছে । পক্ৰিয়া চলি আছে বুলি প্ৰকাশ কৰে ।

লোকসভা নিৰ্বাচনত নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰি তোলা হৈছে । ডিজিপি কুলধৰ শইকীয়ায়ে কয় যে অতিৰিক্ত CAPF ৰ ৩৩ টা কোম্পানী আহি পাইছে। ৰাজ্যৰ লোকসভা নিৰ্বাচনত ৯০ টা কোম্পানীৰ অৰ্ধসামৰিক বাহিনী সুৰক্ষাৰ ক্ষেত্ৰত ব্যবহাৰ কৰা হব বুলি প্ৰকাশ কৰিছে । NRC ৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষী সকলক লোকসভা নিৰ্বাচনৰ দায়িত্বতনিয়োজিত কৰা নহয়।

নিৰ্বাচনৰ বাবে নিৰাপত্তাৰ দিশতো কটকটীয়া কৰি তোলা হৈছে বুলি প্ৰকাশ কৰাৰ লগতে নিৰ্বাচনত সকলো সম্ভাৱনীয়তাৰ বাবে আৰক্ষী সষ্টম বুলি প্ৰকাশ কৰে । যাতে কোনো ধৰণৰ কুটাঘাত কৰিব নোৱাৰে তাৰ বাবে সীমান্ত ৰাজ্যৰ DGP ৰে যোগাযোগ অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে । লগতে ছছিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষীয়ে । জিলা আৰক্ষী অধীক্ষক সকলেও নজৰ ৰাখিব ছছিয়েল মেডিয়াৰ ওপৰত বুলি সংবাদমেলত প্ৰকাশ কৰে ডি জি পি কুলধৰ শইকীয়ায়ে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি