ব্ৰেকিং নিউজ
সচিবালয়ৰ সন্মুখৰ বেৰিকেট ভাঙিলে কংগ্ৰেছীয়ে
সোমবাৰৰ পুৱাই অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰা আৰু তত্তাৱধায়ক হৰিশ ৰাৱাটৰ নেতৃত্বত এক প্ৰতিবাদী সমদল উলিয়াই কংগ্ৰেছে। পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰৰ দিনা নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আহ্বান জনোৱা ভাৰত বন্ধৰ ফলত গুৱাহাটী মহানগৰীৰ জনজীৱন ব্যাহত হৈ পৰে।সচিবালয়ৰ সন্মুখত আৰক্ষীয়ে বাধা দিয়াৰ চেষ্ঠা কৰোতে আৰক্ষীৰ লগত হতাহতি কৰিয়েই শান্ত নাথাকি কংগ্ৰেছী সকলে বেৰিকেটো ভাঙি দিয়ে।আৰক্ষীয়ে ইতিমধ্যে বন্ধ সমৰ্থক সকলক আটক কৰিছে বুলি জানিব পৰা গৈছে।

