Begin typing your search above and press return to search.

সচ্চভাৱে এনআৰচিৰ কাম আগবঢ়াবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সচ্চভাৱে এনআৰচিৰ কাম আগবঢ়াবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:59 AM GMT

দেশৰ উচ্চতম ন্যায়ালয়ে এনআৰচিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাক এখন বিসংগতি বিহীন এনআৰচি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।ন্যায়াধীষ ৰঞ্জন গগৈ আৰু ন্যায়াধীষ ৰহিনটন ফালি নাৰিমানেৰে গঠিত বেঞ্চে প্ৰতীক হাজেলা আৰু ৰেজিষ্টাৰ জেনেৰেল তথা ভাৰতীয় লোকপিয়ল আয়ুক্ত চেইলেচক সতৰ্ক কৰি দিছে।

হাজেলাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটা সাক্ষাৎকাৰত কৈছিল যে যিকোনো বৈধ নথি-পত্ৰই দাবী উত্থাপন কৰা সময়ত গ্ৰহণ কৰা হব।ন্যায়াধীষ ৰঞ্জন গগৈয়ে হাজেলাক কয় যে কোনে আপুনি এনেকুৱা মন্তব্য আগবঢ়াবলৈ কত ক্ষমতা পালে,আপোনাৰ কাম হল এখন বিসংগতি বিহিন এনআৰচি প্ৰস্তুত কৰা।চেললেচে হাজেলাৰ মন্তব্যক সমৰ্থন আগবঢ়োৱাৰ বাবে তেওঁকো সতৰ্কবানী প্ৰেৰণ কৰে।

এন আৰ চিৰ চূড়ান্ত খচৰাত যিসকলৰ নাম অহা নাই তেওঁলোকে পুনৰ আৱেদন আৰু দাবী জনোৱাৰ সুযোগ লাভ কৰিব।যিসকলে সঠিক প্ৰমান পত্ৰ দিব পাৰিব তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভূক্ত হব।৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছিল।

Next Story
চাকৰি