Begin typing your search above and press return to search.

সত্ৰ সমূহৰ বেদখলৰ সন্দৰ্ভত অসম বিধানসভাত প্ৰতিক্ৰিয়া

সত্ৰ সমূহৰ বেদখলৰ সন্দৰ্ভত অসম বিধানসভাত প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Feb 2019 8:55 AM GMT

সমগ্ৰ অসমত প্ৰায় ২৩১ বিঘা আৰু ৪ কঠা মাটি অবৈধ ভাৱে অধিকাৰ কৰি আছে। সোমবাৰে অসম বিধানসভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী ভৱেশ কলিতাই কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ এক প্ৰশ্নোত্তৰত কয় যে,ৰাজ্য চৰকাৰে ভৱিষ্যতে এই সত্ৰসমূহৰ মাটি মুকলি কৰাৰ কাৰণে উপযুক্ত ব্যৱস্থা ল’ব। ২৬ খন জিলাৰ উপায়ুক্তৰ প্ৰতিবেদন উল্লেখ কৰি মন্ত্ৰী ভৱেশ কলিতাই কয় যে বৰ্তমান জিলাধিকাৰী সকলে কেৱল সত্ৰ সমূহৰ মাটি মুকলি কৰিবৰ কাৰণে বিভিন্ন অভিযান আৰম্ভ কৰিছে ৷ লগতে অভিযানসমূহ সমাপ্তও কৰিছে ৷

অন্যহাতে, অসম ভূমি ২০১০ ৰ অধিনিয়মৰ অধীনত সকলো প্ৰকাৰৰ ধৰ্মীয় স্থানত অবৈধ ভূমি অধিগ্ৰহণৰ পৰা মুকলি কৰিছে ।মন্ত্ৰী কলিতাই কয় যে বেদলকাৰীসকলৰ কবলৰ পৰা ভূমিক মুকলি কৰিবৰ কাৰণে আৰু এই পদক্ষেপক শক্তিশালী কৰিবৰ কাৰণে অসম ভূমি আৰু ৰাজস্ব অধিনিয়ম ১৮৮৬ সংশোধন কৰিবৰ কাৰণে সাজু আছে ৷লগতে মন্ত্ৰীজনে কয় যে, অবৈধ ভূমি অধিগ্ৰহণত বৰপেটা জিলাৰ শ্যামৰাই বিগ্ৰহ সত্ৰৰ ১২১ বিঘা আৰু ১৬ লোছাৰো অধিক ভূমি,ইয়াৰ পিছত কামৰূপ মেট্ৰ’ত আউনিআটি সত্ৰৰ ৫৪ বিঘা,ধেমাজী জিলাৰ চিমন চাপৰিৰ তিনি খন সত্ৰ বেদখলকাৰী অধীনত আছে ৷ ইয়াৰ ভিতৰত ছয়বিঘা মাটি গোজলা সত্ৰৰো আছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি