সদৌ অসম উকীল সন্থাই উচ্চতম ন্যায়ালয়লৈ যোৱাৰ ভাবুকি

সদৌ অসম উকীল সন্থাই উচ্চতম ন্যায়ালয়লৈ যোৱাৰ ভাবুকি
Published on

অসম আৰু অসমীয়া জনসাধাৰণৰ ভাষা, সাহিত্য, সংস্কৃতিৰ স্বাৰ্থত সদৌ অসম উকীল সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হব বুলি সকীয়নি প্ৰদান কৰিছে। বুধবাৰে গুৱাহাটীত সাংবাদিকক সম্বোধন কৰি সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে কয় যে আমি ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক খন সম্পৰ্কত আমাৰ স্থিতি সম্বন্ধে এখন সাধাৰণ বৈঠক অনুষ্ঠিত কৰিছো আৰু অতি শীঘ্ৰে আমাৰ মুখ্য সমিতিয়ে বিধেয়ক খনৰ ওপৰত আলোচনা কৰাৰ বাবে মিলিত হম।

নগাঁওত ফেব্ৰুৱাৰীৰ ৩ তাৰিখে অনুষ্ঠিত হব লগীয়া কেন্দ্ৰীয় সমিতিৰ বৈঠকৰ সময়তে এই সম্পৰ্কে আলোচনা কৰা হোৱাৰ আশা আছে। আমাৰ জেষ্ঠ অধিবক্তা সকলেৰে গঠিত থিংক টেংকে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিষয়ত আলোচনা কৰিব। অসম উকীল সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত অধিবক্তা দাসে কয় যে আমি প্ৰত্যেকখন জিলা আৰু মহকুমাৰ সত্ৰ ন্যায়াধিশৰ কাৰ্য্যালয় সমূহত জানুৱাৰীৰ ১১ তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰিম। আমি অসম আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকল যি সকলে ৰাজনৈতিক স্বাৰ্থত বিধেয়কখনৰ বিৰোধিতা কৰি আছে আছে তেওঁলোকক সময় থাকোতে ৰাজ্যৰ জনসাধাৰণৰ পক্ষত উভতি আহিবলৈ অনুৰোধ কৰিছো।

সাংবাদিকৰ আগত সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ এখন অসাংবিধানিক বিধেয়ক, এই বিধেয়কে অসম চুক্তিৰ আত্মাক হত্যা কৰিব বিছাৰিছে। ভাৰতীয় সংবিধানে সকলোকে সম অধিকাৰ প্ৰদান কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক ভাৰতীয় সংবিধানক অপমান কৰিব। ওচৰ চুবুৰীয়া দেশৰ পৰা ভাৰতত ধৰ্মৰ ভিত্তিত প্ৰবেশ কৰা লোক সকলক কোনে চিনাক্ত কৰিব বুলিও সম্পাদক জনে প্ৰশ্ন কৰে। অসম উকীল সন্থাই বিধেয়ক খন ৰাজ্যসভাত গৃহীত কৰা হলে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হব বুলি সকীয়াই দিয়ে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com