Begin typing your search above and press return to search.

সদৌ অসম ছাত্ৰ সন্থাৰ ডিআইপিআৰ নিযুক্তিৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া

সদৌ অসম ছাত্ৰ সন্থাৰ ডিআইপিআৰ নিযুক্তিৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 March 2019 10:06 AM GMT

শেহতীয়াকৈ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰা পিএনআৰডি আৰু ডিআইপিআৰ নিযুক্তিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ পিএনআৰডি অৰ্থাৎ পঞ্চায়ত আৰু গ্ৰামীণ বিকাশ আৰু ডিআইপীআৰ অৰ্থাৎ জনসংযোগ আৰু জনসম্পৰ্ক বিভাগত হোৱা বিসংগতিৰ কাৰণে ২০ মাৰ্চত সকলো জিলা মুখ্য কাৰ্যালয়ত বিৰোধ প্ৰদৰ্শন কৰিব ৷ আছুৰ সংগঠনটোৱে হোলীৰ পিছত পিএনআৰডিৰ ক্ষেত্ৰত হোৱা বিসংগতিৰ সন্দৰ্ভত কাৰণে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ৷

১৮ মাৰ্চত সংবাদ মাধ্যমৰ সন্মুখত দিয়া বিজ্ঞপ্তি অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈৰ মন্তব্য অনুসৰি বিভাগ সমূহত পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি নিযুক্তি হ’ব লাগে ৷ অৱশ্যে চলিল বৰ্ষত পিএনআৰডি আৰু ডীআইপীআৰ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত বহু বিসংগতি আৰু ভাই ভতিজীসকলক দেখা গ’ল ৷ সংবাদ মাধ্যমত এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিস্তাৰিতভাৱে প্ৰকাশ পাইছে ৷ কিন্তু ৰাজ্য চৰকাৰে এই সন্দৰ্ভত কোনো পদক্ষেপ লোৱা নাই ৷ দুৰ্নীতিৰ সন্দৰ্ভত শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ সন্দৰ্ভত মন্তব্য দিয়া মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল এই ক্ষেত্ৰত নিমাত ।

ছাত্ৰ সংগঠনৰ দুয়োজন নেতায়ে লগতে কয় যে ন্যায়িক তদন্তই সকলো কথা পোহৰলৈ লৈ আনিব ৷ কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল এই ক্ষেত্ৰত নিমাত । উল্লেখ্য যে ছাত্ৰ সংগঠনৰ নেতাদ্বয়ে কয় যে লাখ লাখ নিবনুৱাৰ ভৱিষ্যতৰ ওপৰত কোনো ধৰণৰ অন্যায় সহ্য কৰা নহ’ব ৷ গতিকে এই ক্ষেত্ৰত বঞ্চিত নিবনুৱাসকলে ন্যায় পাব লাগিব।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি