সদৌ অসম নাৰ্চ সন্থাক এইবাৰ প্ৰতিশ্ৰুতি ৪ ডিচেম্বৰ

নায্য প্ৰাপ্তিৰ সদৌ অসম নাৰ্চ সন্থাই সদৌ অসমজুৰি গঢ়ি তোলা তীব্ৰ আন্দোলন আজি দুপৰীয়া ২ বজাৰ পৰা সাময়িক ভাৱে স্থগিত ৰাখিছে। ২৬ নবেম্বৰৰ পৰা আৰম্ভ হোৱা এই আন্দোলনৰ ফলত চিকিৎসালয় সমূহত এক অচলাবস্থাৰ সৃষ্টি হৈছিল। নায্য দাবী পূৰণৰ বাবে বহুবাৰ চৰকাৰক অনুৰোধ জনোৱা হৈছিল যদিও কোনো কাণষাৰ নিদিয়াৰ বাবেই আন্দোলনৰ পথ বাছি লবলৈ বাধ্য হৈছিল ভুক্তভূগী নাৰ্চ সকল। নাৰ্চ সন্থাই কোৱা অনুসৰি কথা দি কথা নৰখা চৰকাৰৰ সৈতে আগতেও তিনি লানি আলোচনাত মিলিত হৈছিল যদিও প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিয়ে কৰি ৰাখিলে ৰাজ্যৰ স্বাস্থ্য বিভাগে। বৃহস্পতি বাৰে আলোচনাৰ বাবে নাৰ্চ সন্থাক মাতি মন্ত্ৰী নিজে অনুপস্থিত হৈ পুনৰ উপহাস কৰিলে বুলি সদৰি কৰে সদৌ অসম নাৰ্চ সন্থাৰ সম্পাদিকাই। বৃহস্পতি বাৰৰ আলোচনাত মুখ্য সচিবকে ধৰি অন্যান্য বিষয়াসকলৰ উপস্থিতিত আলোচনা হৈছিল আৰু এক সৌহাদ্যপূৰ্ণ আলোচনা হৈছিল যদিও লিখিত প্ৰতিশ্ৰুতি নিদিয়াৰ বাবে সভাত কোনো সিদ্ধান্ত হোৱা নাছিল।এটা পদত এক দৰমহা হ'ব লাগে বুলি আলোচনা কালত বিষয়াসকলক পুনৰ কোৱাৰ লগতে বিভাগে ৭৪০০ টকা গ্ৰেড পে দিয়া হ'ব বুলি এক প্ৰকাৰৰ আশ্বাস দিছিল।যিখিনি আশ্বাস দিছিল তাত সন্তুষ্ট হোৱা নাছিল নাৰ্চ সন্থাৰ সজাতি দলটো।
আজি দিনৰ ২ বজাৰ পৰা সাময়িকভাৱে আন্দোলন স্থগিত ৰখাৰ কথা উল্লেখ কৰি সম্পাদিকাই জনায় যে এই সিদ্ধান্ত সদৌ অসম নাৰ্চ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ হে।এইখিনিতে উল্লেখযোগ্য যে আজিৰ সভাত সদৌ অসম নাৰ্চ সন্থাৰ সভানেত্ৰী আছিল অনুপস্থিত। গা বেয়াৰ দোহাই দি অনুপস্থিত আছিল সভানেত্ৰী গৰাকী।আজি ভৱানীপ্ৰসাদ ভৱনত অনুস্থিত সভাত নাৰ্চ সন্থাই পুনৰ চৰকাৰক সকিয়নী দিয়ে যে নাৰী সকলক লৈ হেতালি নেখেলিব। চাৰ্ভিছ ৰ'ল অব ষ্টাফ নাৰ্ছ প্ৰযোজ্য কৰাৰ বাবে দাবী তুলিছে। চৰকাৰে ৪ ডিচেম্বৰলৈ পুনৰ সভা অনুষ্ঠিত কৰাৰ আশ্বাস দিছে।অসমৰ চিকিৎসালয় সমূহত কিমান ৰোগীৰ বিপৰীতে কেইগৰাকী নাৰ্ছ থাকিব লাগে তাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই। ৬০ জন ৰোগীৰ বিপৰীতে এগৰাকী নাৰ্ছ থকাৰ বাবে শাৰিৰীক মানসিকভাৱে নাৰ্চ সকল ভাগি পৰিছে। জনসাধাৰণৰ দুখ কষ্টৰ কথা চিন্তা কৰিয়ে কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে আন্দোলন স্থগিত কৰাৰ কথা ঘোষণা কৰা হৈছে বুলি সদৰি কৰে সম্পাদিকাই। সংবাদমাধ্যমৰ আগত সভানেত্ৰীয়ে পদত্যাগ কৰিলে নহ'ব কৰ্ণধাৰ কমিটিক পদত্যাগ পত্ৰ দিব লাগিব।
তেওঁ অসুস্থ বুলি খবৰ দিছে সেয়ে সংবাদমেলত উপস্থিত থাকিব নোৱাৰিলে বুলি জনাইছে।নাৰ্ছ সন্থাৰ মাজত বিভাজন অনাৰ বাবে চৰকাৰৰ ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে নাৰ্ছ সন্থাৰ সাধাৰণ সম্পাদিকাই। প্ৰশাসনৰ ফালৰ পৰা ভয় ভিতি প্ৰদৰ্শন কৰা হৈছে সন্থাৰ নাৰ্ছক।আন্দোলনৰ বাবে নাৰ্চৰ কি গতি হৈছে অনুভৱ কৰিব পাৰিছে নাৰ্চ সকলে।সংবাদ মাধ্যমৰ আগত স্বাস্থ্য বিভাগৰ মন্ত্ৰীয়ে স্বাস্থ্য বিভাগ সুচাৰূপে চলাই আছে বুলি মিছা আৰু ভূৱা প্ৰচাৰ চলাই আছে বুলি সম্পাদিকাই সদৰি।সভানেত্ৰীক চৰকাৰী পক্ষই হেঁচা দিছে বুলি অভিযোগ উঠায় নাৰ্ছ সন্থাই।আনহাতে উলম্ব বিভাজন ঘটা বুলি ওলোৱা বাতৰিক নাকচ কৰে সদৌ অসম নাৰ্ছ সন্থাই। বৃহস্পতি অনুষ্ঠিত হোৱা সভাৰ শেষত আন্দোলন চলি যাব বুলি কোৱাৰ পিছতেই ৰাতি সভানেত্ৰী গৰাকীয়ে আন্দোলন সামৰাৰ কথা উল্লেখ কৰিছিল। বৃহস্পতি বাৰৰ সভাৰ অন্তত নিলীমা শইকীয়া আৰু মঞ্জু শইকীয়া সভানেত্ৰীৰ লগত উপস্থিত আছিল জনতা ভৱনত।নিজৰ নায্য দাবীয়ে সন্মান নাপালে আন্দোলন অনাগত ভৱিষ্যতত চলাই নিব বুলি ঘোষণা কৰে সদৌ অসম নাৰ্চ সন্থাই।
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি