Begin typing your search above and press return to search.

সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব: নৰেন্দ্ৰ মোদী

সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব: নৰেন্দ্ৰ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 April 2019 8:21 AM GMT

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক আক্ৰমণৰ লক্ষ্য কৰি প্ৰকাশ কৰে যে যি ৰাষ্ট্ৰয়ে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়ে সেই ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব ভাৰতে ।

"যোৱা ৪০ বছৰে আমি সন্ত্ৰাসবাদীৰ হিংসাত্মক কাৰ্যকলাপৰ ফলত যথেষ্ট ভূগিব লগা হৈছে । সকলোৱে জ্ঞাত হিংসাত্মক কাৰ্যকলাপৰ দোষী কোন? ক'ৰ পৰা সন্ত্ৰাস মূলক কাৰ্যকলাপ পৰিচালিত হয়, কোনো ৰাষ্ট্ৰত বহি সন্ত্ৰাস মূলক কাৰ্যকলাপৰ বিষ ৰোপণ কৰিছে। কিন্তু তাৰ পাছতো সন্ত্ৰাসবাদীয়ে দেশত হিংসাত্মক কাৰ্যকলাপ অব্যাহত ৰাখিবলৈ সক্ষম হৈছে ।কিমান দিনলৈ এনেদৰে অব্যাহত ৰাখিব বুলি প্ৰশ্ন কৰি ভাষন প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

সমগ্ৰ দেশতে সম্বোধন কৰা " মে ভি চকীদাৰ " শীৰ্ষক অনুষ্ঠানত প্ৰকাশ কৰে যে , সেয়েহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এতিয়াৰে পৰা যুঁজ অব্যাহত ৰাখিব ভাৰতে ।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে ভাৰতৰ বায়ু সেনাৰ বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পাছত চুবুৰীয়া দেশে এই আক্ৰমণৰ কথা স্বীকাৰ কৰিব নে কেনেকৈ আক্ৰমণৰ ঘটনা লুকুৱাব সেয়া সমস্যাত পৰিছিল ।

পাকিস্তানে আক্ৰমণৰ কথা স্বীকাৰ কৰিবলৈ অসুবিধা সন্মুখীন হৈছিল কাৰন আক্ৰমণৰ কথা স্বীকাৰ কৰাৰ লগতে সেই অঞ্চলত সন্ত্ৰাসবাদীৰ ঘাটি থকাৰ কথা প্ৰমাণিত হ'ব । পাকিস্তানৰ চৰকাৰে পুৰ্বৰ পৰায়ে পাকিস্তানৰ ভূমিত কোনো সন্ত্ৰাসবাদী সংগঠনৰ নাই বুলি প্ৰকাশ কৰি আহিছে , সেয়েহে বালাকোটৰ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতে কৰা আক্ৰমণৰ পাছত পাকিস্তানে আক্ৰমণৰ কথা প্ৰকাশ কৰিব নে কিমান নিহত হৈছে সেয়া লুকুৱাব তাকে লৈ সমস্যাৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰে ।

লগতে মোদীয়ে কয় যে এই আক্ৰমণৰ সফলতা তেওঁৰ কাৰণে নহয় সেই সকল বীৰ জোৱানলৈ, যিসকলে এই কাৰ্য সম্পাদন কৰিছিল ।

ভাৰত-পাকিস্তানৰ আলোচনাত ভাৰতে বহু সময় অবাবত খৰচ কৰিছে বুলি প্ৰকাশ কৰে মোদীয়ে । ভাৰতে ইতিমধ্যে ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনৈতিকৰ প্ৰবেশদ্বাৰত উপস্থিত বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি