Begin typing your search above and press return to search.

সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৰৱ হিন্দু সমাজ দল

সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৰৱ হিন্দু সমাজ দল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 March 2019 10:16 AM GMT

সন্ত্ৰাসবাদৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈছে হিন্দু সমাজ দল ৷বুধবাৰে হিন্দু সমাজ পাৰ্টিয়ে এখন সংবাদমেলৰ আয়োজন কৰি সন্তাসবাদ মুক্ত এখন দেশ গঢ়াৰ দাবী কৰে ৷ দলটোৰ উত্তৰ ভাৰতৰ এজন ব্যক্তি সঞ্জয় কুমাৰ সঞ্জুৱে কয় যে মুছলিম সন্ত্ৰাসবাদীসকলক কেতিয়াও সহ্য কৰা ন’হব ৷ আৰু তেওঁলোকক নিঃশেষ কৰা হ’ব ৷ ভাৰতখন সন্ত্ৰাসবাদী সকলৰ কাৰণে মৈদাম নহয়।

যি সমূহ ঠাইত জেহাদীৰ সৃষ্টি হৈছে তেওঁলোকক বিনাশ কৰা হ’ব ৷ ইয়াৰ উপৰিও আমাৰ সেনা জোৱানসকলৰ ক্ষেত্ৰত অপমানজনক মন্তব্য কৰা সকলৰ বিৰুদ্ধে উচিত আইনৰ ব্যৱস্থা কৰিব লাগে ৷লগতে এনেধৰণৰ মন্তব্য কৰা লোকসকলক দেশদ্ৰোহিতাৰ আৰোপত গ্ৰেপ্তাৰ কৰিব লাগে ৷এই মন্তব্য সঞ্জয় কুমাৰ সঞ্জুৰ ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি