সমাগত নৱবৰ্ষ: চাওঁ আহক নৱবৰ্ষত আপোনাৰ প্ৰিয় চেলীব্ৰেটীসকলে লোৱা পাৰিশ্ৰমিকৰ তালিকা

সমাগত নৱবৰ্ষ: চাওঁ আহক নৱবৰ্ষত আপোনাৰ প্ৰিয় চেলীব্ৰেটীসকলে লোৱা পাৰিশ্ৰমিকৰ তালিকা

নৱবৰ্ষ সমাগত ৷ দেশবাসী সাজু হৈছে নতুন বছৰক আদৰিবলৈ৷ লগতে দেশ বাসীক মনোৰঞ্জন কৰিবলৈ সাজু হৈছে সৰু পৰ্দাৰ চেলীব্ৰেটীসকল । কাৰণ বছৰটোৰ শেষত ৩১ ডিচেম্বৰ দিনটো সৰু পৰ্দাৰ অভিনেতা অভিনেত্ৰীসকলৰ কাৰণে হৈ পৰে বিশেষ ভাবে গুৰুত্ব পূৰ্ণ ৷ ইফালে ৩১ ডিচেম্বৰত সৰু পৰ্দাৰ লগতে বলীউডৰ ষ্টাৰ চেলেবেট্ৰীসকলৰ পাৰফেন্স চাবলৈ অধীৰ আগ্ৰহেৰে চাবলৈ অপেক্ষাত থাকে অনুৰাগী সকল ৷ লগতে অভিনেতা অভিনেত্ৰীসকলক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ সুবিধা পায় অনুৰাগীসকল ৷ অৱশ্যে,ভাল লগা অভিনেতা অভিনেত্ৰীসকলৰ মাজত আপোনাৰ মোৰ ভাল লগা ষ্টাৰ জনো থাকিব পাৰে ৷ কিন্তু আপুনি জানেনে এই ষ্টাৰসকলে এই দিনটোত কিমান টকাত চুক্তি বদ্ধ হয় ? চাওঁ আহক এই চেইব্ৰেটীসকলে কিমান পৰিমাণৰ ধন লয় অনুষ্ঠানসমূহত নৃত্যানুষ্ঠান পৰিবেশন কৰিবলৈ ।

ৰশ্মি দেশাইঃ

সৰু পৰ্দাৰ জনপ্ৰিয় অভানেত্ৰী তপস্যা তথা ৰশ্মি দেশাইয়ে পাৰিশ্ৰমিক হিচাপে ল’ব ৮ লাখ। ’উত্তৰণ", "দিল চে দিল তক" আদি সৰু পৰ্দাৰ জনপ্ৰিয় চিৰিয়েলৰ অভিনেত্ৰী ৰশ্মি দেশাই হৈছে ২০১৮ বৰ্ষৰ সকলোতকৈ দামী অভিনেত্ৰী ৷ নিগেটিভ আৰু পজিটিভ দুয়োটা চৰিত্ৰই অতি সুন্দৰকৈ উপস্থাপন কৰা ৰশ্মি দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়৷ সৰু পৰ্দাৰ বহু ৰিয়েলিটী শ্ব’টো অংশ লৈছে ৰশ্মি দেশাইয়ে ৷

শুভাংগী অট্ৰে:

"ভাবীজী ঘৰ পৰ হ্যে" সৰু পৰ্দাৰ এখন জনপ্ৰিয় কমেডী চিৰিয়েল ৷ "ভাবিজী ঘৰ পৰ হ্য"ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী শুভাংগীয়ে পাৰিশ্ৰমিক হিচাপে ল’ব ৮ লাখ ৷ শুভাংগী দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়। ধাৰাবাহিকখনত শুভাংগী কথন শৈলীৰ দৰ্শকে যথেষ্ট আমোদ লয় ৷ উল্লেখ্য যে,শুভাংগীয়ে ৩১ ডিচেম্বৰত দুঘন্টা নিজৰ অনুষ্ঠান পৰিবেশন কৰাৰ কাৰণে পাৰিশ্ৰমিক হিচাপে ল’ব ৮ লাখ ৷

য়ুবিকা আৰু প্ৰিন্স:

য়ুবিকা চৌধুৰী আৰু প্ৰিন্স নৰুলাই বিবাহ পাশত আৱদ্ধ হৈছে চলিত বৰ্ষতে ৷ য়ুবিকা আৰু প্ৰিন্সৰ যুটি দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়। য়ুবিকা চৌধৰী যদি নৱ বৰ্ষৰ অনুষ্ঠানত অনুষ্ঠান পৰিবেশন কৰে ৷তেন্তে পাৰিশ্ৰমিক হিচাপে ৪৫ মিনিটতত লয় ৪ লাখ টকা ৷ কিন্তু যদি য়ুবিকা আৰু প্ৰিন্স অৰ্থাৎ পতি পত্নী দুয়োজনেই অনুষ্ঠান পৰিবেশন কৰে,তেন্ত পাৰিশ্ৰমিক হিচাপে ল’ব ৭ লাখ ।

অৰ্জুন বিজলানি:

জনপ্ৰিয় অভিনেতা অৰ্জুন বিজলানিয়ে ৩১ ডিচেম্বৰত অনুষ্ঠান পৰাবেশনৰ কাৰণে ল’ব ৪-৫ লাখ ৷উল্লেখ্য যে, নাগিন,পৰদেশ ম্যে হ্যে মেৰা দিল,কবচ,ইস্ক ম্যে মৰ জাৱা আদি জনপ্ৰিয় ধাৰাবাহিকত সাৱলীল অভিনয়ৰে দৰ্শকৰ মাজত অত্যন্ত জনপ্ৰিয় অৰ্জুন ৷ইফালে সৰু পৰ্দাৰ বহু ৰিয়েলিটী শ্ব’ৰো হোষ্ট হিচাপে দৰ্শকৰ মাজত জনপ্ৰিয় অৰ্জুন বিজলানি ৷

ৰাগিনী খান্না:

৩১ ডিচেম্বৰৰ নিশা অভিনেত্ৰী ৰাগিনী খান্নাৰ ৩ ঘন্টাত পাৰিশ্ৰমিক হৈছে ৫ লাখ ৷ বিগত দহ বছৰে ৰাগিনীয়ে ছবি আৰু সৰু পৰ্দাৰ ধাৰাবাহিকত নিজৰ বিজয় সাব্যস্ত কৰিছে ।ৰাগিনীৰ এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে "সসুৰাল গেণ্ডা ফুল" ৷ অন্যহাতে , পঞ্জাবী ছবিটো অভিনয় কৰিছে ৰাগিনীয়ে ৷

সুৰভি জ্যোতি:

বিগত আঠ বছৰৰ পৰা টি ভি ইণ্ডাষ্টিত কাম কৰা সুৰভিৰ পাৰশ্ৰমিক হৈছে ৭.৫ লাখ ৷দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় জনপ্ৰিয় সুৰভি। সম্প্ৰতি সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিকা নাগিন-৩ দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় । উল্লেখ্য যে, কিছুদিন আগলৈকে সুৰভি ৫ লাখ বিছাৰিছিল পাৰিশ্ৰমিক হিছাপে ৷কিন্তু সম্প্ৰতি পাৰিশ্ৰমিক ৭.৫ লাখ বৃদ্ধি কৰিলে ৷

দেবীনা আৰু গুৰমীত:

জনপ্ৰিয় টিবি কাপ’ল তথা অভিনেতা অভিনেত্ৰী দেবীনা আৰু গুৰমীত চৌধৰী ৩১ ডিচেম্বৰত পাৰশ্ৰমিক ৮ লাখ ৷ গুৰমীত আৰু দেবীনাও দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com