Begin typing your search above and press return to search.

সমাগত লোকসভা নিৰ্বাচনঃ গোলাঘাটত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

সমাগত লোকসভা নিৰ্বাচনঃ গোলাঘাটত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 April 2019 11:12 AM GMT

সমাগত লোকসভা নিৰ্বাচন ৷ সোমবাৰে গোলাঘাটৰ বেজবৰুৱা চৰকাৰী খেলপথাৰত হোৱা অসম গণ পৰিষদৰ প্ৰাৰ্থী মণি মাধৱ মহন্ত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্বাচনী প্ৰচাৰত ভাগ লয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শাসনলৈ আহে, তেন্তে অসমৰ লোকসকলে সন্মান আৰু সুৰক্ষা তথা মৰ্য্যদাৰে থাকিব পাৰিব।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মণি মাধৱ মহন্তক ভোট দিবৰ কাৰণে আহ্বান কৰে সমষ্টিবাসীক । লগতে বিৰোধী দল কংগ্ৰেছক দুনীৰ্তিৰ কথা কৈ কটাক্ষ কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসন কালত অসমৰ বিভিন্ন ক্ষেত্ৰত হোৱা বিকাশৰ কথা উল্লেখ কৰে ৷

ইফালে কংগ্ৰেছ লগত এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত বিৰোধী দল কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে এআইইউডিএফৰ প্ৰায়ে অবৈধ লোকসকলৰ কাৰণেই চিন্তা কৰে ৷ আৰু এনেধৰণৰ দলৰ লগত কংগ্ৰেছৰ গোপন বুজা বুজি আছে ৷ নিৰ্বাচনী প্ৰচাৰ বৈঠকখনত নেডাৰ আহ্বায়ক মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী অতুল বৰা,বিধায়ক মৃণাল শইকীয়াৰ লগতে মণি মাধৱ মহন্ত উপস্থিত আছিল।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি