সমাগত লোকসভা নিৰ্বাচনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলক মূলমন্ত্ৰ হিচাপে লৈ নিৰ্বাচনত সক্ৰিয় কংগ্ৰেছ

সমাগত লোকসভা নিৰ্বাচনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলক মূলমন্ত্ৰ হিচাপে লৈ নিৰ্বাচনত সক্ৰিয় কংগ্ৰেছ
Published on

লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটিমান দিন ৷ সাজু হৈছে সকলো দলীয় বিৰোধী দল ৷ কংগ্ৰেছে মংগলবাৰে দিয়া নিৰ্বাচনী ইস্তাহাৰত উত্তৰ পূবৰ ৰাজ্যসমূহক প্ৰাধান্য দিছে ৷ আশা কৰাৰ দৰেই নিৰ্বাচনী ইস্তাহাৰত নিৰ্বাচনত কংগ্ৰেছ জয়ী হ’লে অধ্যক্ষ ৰাহুল গান্ধীয়ে(Rahul Gandhi)নাগৰিকত্ব সংশোধনী বিধেয়কক বাতিল কৰাৰ প্ৰসংগ উল্লেখ কৰিছে ৷ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উত্তৰ পূব ৰাজ্যৰ লগত সম্বন্ধিত ১৫ টা মহত্ত্বপূৰ্ণ বিষয়ে চুই গৈছে ৷ ইস্তাহাৰত উত্তৰ পূব ৰাজ্যক বিশেষ শ্ৰেণীত সন্নিবিষ্ট কৰাৰ প্ৰতিশ্ৰুতি দিছে ৷

লগতে উত্তৰ পূবৰ ৰাজ্যত অৰ্থনৈতিক নীতিৰ উন্নত কৰাৰ প্ৰতিশ্ৰুতি আছে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত ৷ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছে যে ভাৰতৰ কোনো লোক যাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ নপৰে ৷ তাৰ প্ৰতি সজাগ হ’ব কংগ্ৰেছ ৷ ইফালে,কংগ্ৰেছে উল্লেখ কৰে যে অবৈধ প্ৰব্ৰজন বিষয়টোক আলোচনা কৰাৰ লগতে স্বদেশী লোকসকলৰ পৰিচয় সুনিশ্চিত হ’ব ৷ কংগ্ৰেছৰ ইস্তাহাৰ খনত উল্লেখ আছে যে অবৈধ প্ৰব্ৰজন বিষয়টোক সমাধান কৰিবৰ কাৰণে কাষৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ লগত আলোচনা কৰিব ৷

নিৰ্বাচনী ইস্তাহাৰত উত্তৰ পূব ৰাজ্যৰসমূহৰ সীমা সুৰক্ষাই চুই গৈছে ৷ কংগ্ৰেছে বাংলাদেশ,ম্যানমাৰ আৰু চীনৰ লগত সীমা সুৰক্ষা শক্তিশালী কৰিব। চুবুৰীয়া দেশৰ লগত মত বিনিময়ৰ মাধ্যমৰে যিকোনো সীমা সম্পৰ্কীয় বিষয়ক সমাধান কৰাৰ লগতে সীমাক সমৃদ্ধি আৰু বিকাশৰ স্থল হিছাপে গঢ়িব ৷ইস্তাহাৰখনত উত্তৰ পূব পৰিষদক শক্তিশালী কৰাৰ প্ৰসংগও উল্লেখ আছে।

লগতে স্বায়ত্ত জিলা পৰিষদ আৰু চাহ বাগান সমূহৰ বিষয়টো পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ আছে ৷ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ পত্ৰত উল্লেখ আছে যে,কংগ্ৰেছে উত্তৰ পূৰ্বী ৰাজ্যসমূহৰ ভিতৰত স্বায়ত্ত জিলা পৰিষদৰ মহত্ত্বক স্বীকাৰ কৰাৰ লগতে এই পৰিষদসমূহক বিত্তীয় সহায়তা বৃদ্ধি কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com