Begin typing your search above and press return to search.

সমাগত লোকসভা নিৰ্বাচনঃ পৰিৱৰ্তিত বতৰে বিপদত পেলাইছে প্ৰাৰ্থীক

সমাগত লোকসভা নিৰ্বাচনঃ পৰিৱৰ্তিত বতৰে বিপদত পেলাইছে প্ৰাৰ্থীক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 April 2019 8:01 AM GMT

সমাগত নিৰ্বাচন ৷ ১১ এপ্ৰিলত সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ কিন্তু সম্প্ৰতি ৰাজ্যত পৰিৱৰ্তিত বতৰে নিৰ্বাচনী প্ৰচাৰত ব্যাঘাত জন্মাইছে ৷ ইফালে বিভিন্ন ঠাইত পৰিৱৰ্তিত বতৰৰ কাৰণে হেলীকপ্টাৰৰ অৱতৰণত বাধাৰ সৃষ্টি হোৱাৰ কাৰণেও নিৰ্বাচনী সম্পৰ্কীয় বৈঠক স্তব্ধ কৰিবলৈ বাধ্য হ’য় প্ৰাৰ্থীসকলে ৷ উজনি অসমত পাঁচখন সংসদীয় নিৰ্বাচন ক্ষেত্ৰত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ক্ষেত্ৰত সম্প্ৰতি উখল মাখল পৰিবেশৰ সমান্তৰালকৈ চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি ৷

অৱশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ কাৰণে যোৰহাট,শিৱসাগৰ, আমগুৰি,কৰঙা আৰু নাওবৈছাত নিৰ্বাচনী প্ৰচাৰ কৰে ৷ আমগুৰিত এখন নিৰ্বাচনী সভা সম্বোন্ধিত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে কংগ্ৰেছে গান্ধী পৰিয়ালৰ সদস্যক শাসনত অধিস্থিত কৰিবলৈ বংশবাদী শাসনৰ পালন কৰিছে ৷

ইফালে বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিৱৰ্তিত বতৰৰ কাৰণে হেলীকপ্তাৰ অৱতৰণ কৰিব নোৱাৰাৰ কাৰণে পাঁচখন নিৰ্বাচনী সভা বাতিল কৰে। ইয়াৰ মাজতে লক্ষীমপুৰ সংসদীয় ক্ষেত্ৰত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ কৰি বিটিছী প্ৰধান হাগ্ৰামা মহিলাৰীয়ে, পুনৰবাৰৰ কাৰণে সাংসদ প্ৰদান বৰুৱাক ভোট প্ৰদান কৰিবলৈ আহ্বান কৰে ৷

অন্যহাতে কংগ্ৰেছ নেতা ৰকীবুল হুছেইনে লক্ষীমপুৰ সংসদীয় সমষ্টিৰ নাওবৈচাত ভোটদাতা সকলৰ লগত ভিডিঅ’ কলৰ জৰিয়তে মতবিনিময় কৰে ৷ কাৰণ ৰকীবুল হুছেইনে সেমেকা বতৰৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ভাগ ল’ব নোৱাৰিলে ৷ ইয়াৰ মাজতে ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে দেওবাৰে বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত হয়৷ এআইইউডিএফৰ বদৰুদ্দিন আজমলে ধুবুৰী সংসদীয় ক্ষেত্ৰৰ গোলকঞ্জত নিৰ্বাচনী প্ৰচাৰ কৰে ৷

এনেদৰে গুৱাহাটী সংসদীয় আসনৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপি প্ৰাৰ্থী কুইন ওঝাই হাজোত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। বৰপেটাত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে নিৰ্বাচনী প্ৰচাৰ কৰে ৷ উল্লেখ্য যে ধুবুৰী,গুৱাহাটী আৰু বৰপেটা আৰু কোকৰাঝাৰত ২৩ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি