সমাগত লোকসভা নিৰ্বাচনঃ ভোটাৰক আকৃষ্ট কৰিবলৈ পাৰ্য্যমানে চেষ্টা শাসক-বিৰোধীৰ

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ সম্প্ৰতি তুংগত ৷শাসক আৰু বিৰোধী দুয়োটা দলৰ নেতা সকলে ভোটাৰসকলক হৃদয় জিনিবলৈ পাৰ্য্যমানে চেষ্টা কৰিছে ৷ সংসদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১১ এপ্ৰিলত যোৰহাট, ডিব্ৰুগড়,তেজপুৰ, কলিয়াবৰ আৰু লক্ষীমপুৰত অনুষ্ঠিত হ’ব ৷ বৃহস্পতিবাৰে হ’ব লগীয়া নিৰ্বাচনৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ’ব মংগলবাৰে অৰ্থাৎ আজি বিয়লি ৫ বজাত ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে শাসকীয় দল বিজেপি আৰু এজিপি আৰু বিৰোধী দল কংগ্ৰেছৰ মাজত হ’ব তীব্ৰ প্ৰতিদ্বন্দিতা ৷
ইয়াৰ বিপৰীতে এআইইউডিএফৰ কোনো নেতাই বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব লগা পাঁচখন নিৰ্বাচন ক্ষেত্ৰত প্ৰাৰ্থীত্ব আগবঢ়োৱা নাই ৷ ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,নেডাৰ আহ্বায়ক মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু এপিচিচিৰ সভাপতি ৰিপুন বৰাই নিজৰ দলৰ প্ৰাৰ্থীত্ব আগবঢ়োৱা নেতাসকলৰ কাৰণে বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যোৰহাটৰ সোনাৰি,কলিয়াবৰৰ সংসদীয় ক্ষেত্ৰৰ গোলাঘাট আৰু জুৰিয়াত নিৰ্বাচনী প্ৰচাৰ কৰে ৷ ইফালে নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ সংসদীয় ক্ষেত্ৰৰ গহপুৰত,কলিয়াবৰৰ গোলাঘাট আৰু যোৰহাটৰ সোনাৰিত নিৰ্বাচনী প্ৰচাৰ কৰে। মন্ত্ৰী ড° শৰ্মাই শিৱসাগৰত বিয়লি এটি নিৰ্বাচনী ৰেলীটো ভাগ লয় ৷
ইফালে নিৰ্বাচনী সম্বন্ধীয় বিভিন্ন গীতৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তৰুণ গগৈ আৰু কংগ্ৰেছৰ ওপৰত এআইইউডিএফৰ মিত্ৰতাক লৈ কটাক্ষ কৰি কয় যে, তৰুণ গগৈয়ে এসময়ত কৈছিল যে বদৰুদ্দিন কোন? কিন্তু সম্প্ৰতি নিজ পুত্ৰক নিৰ্বাচনত জয়ী কৰিবৰ কাৰণে এআইইউডিএফৰ লগত মিত্ৰতা কৰিছে ৷ অসমৰ বিভিন্ন লোকে তৰুণ গগৈ আৰু কংগ্ৰেছক দেখিছে ৷ দ্বিতীয়তে, তৰুণ গগৈয়ে শাসকীয় দল বিজেপি আৰু সৰ্বানন্দ সোনোৱালৰ ওপৰত অবৈধ বাংলাদেশী প্ৰীতিৰ অভিযোগ আৰোপ কৰি অসমীয়া লোকসকলৰ ভৱিষ্যত নষ্ট কৰাৰ সন্দৰ্ভত মন্তব্য কৰে ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজকে লাচিত বৰফুকনৰ লগত তুলনা কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বদন বৰফুকনৰ লগত তুলনা কৰে। ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংবাদমাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে গগৈয়ে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে ৷ কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ হৈছে বয়োজেষ্ঠ্য ৰাজনীতিজ্ঞ ৷ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে অসমৰ মানুহে জানে যে অসমলৈ বাংলাদেশী কোনো আনিছিল ৷
অন্যহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জুৰিয়াত হোৱা এখন বৈঠকত কয় যে বিজেপিয়ে ধৰ্মৰ ওপৰত ৰাজনীতি নকৰে৷ কংগ্ৰেছে সংখ্যালঘুসকলৰ ক্ষেত্ৰত ৰাজনীতি কৰে৷ বৰ্তমান বিজেপি চৰকাৰৰ দিনত হিন্দু আৰু মুছলিমে সমান অধিকাৰ লাভ কৰি আহিছে ৷ লগতে বিজেপি শাসনত থাকিলে দুয়োটা সম্প্ৰদায়ে সমান সুবিধা আৰু সুৰক্ষিত হৈ থাকিব। মন্ত্ৰী ড° হিমন্ত শৰ্মাই ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি পূৰ্বৰ শাসনত কৰা কংগ্ৰেছৰ দুৰ্নীতিৰ কথা উল্লেখ কৰে ৷
কংগ্ৰেছৰ দিনত অসম লোকসেৱা আয়োগৰ নিযুক্তিত বহু দুৰ্নীতিৰ কথা উল্লেখ কৰে। লগতে মন্ত্ৰী ড° শৰ্মাই কয় যে সম্প্ৰতি অসম লোকসেৱা আয়োগত আৰ্থিকভাৱে পিছপৰা সকলে নিযুক্তি লাভ কৰিছে ৷ গতিকে আগন্তক নিৰ্বাচনত সকলো ভোটদাতাক বিজেপিক ভোট দিবলৈ আহ্বান কৰে ৷ যাতে অসমৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰিব পাৰে দলটোৱে ৷ আৰু ৰাজ্যত অত্যাধিক বিকাশৰ কাৰণে প্ৰধানমন্ত্ৰী মোডীৰ লগত সহযোগ কৰিব পাৰে ।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি