সমাগত হোলীৰ কাৰণে প্ৰস্তুষ্টি সৰ্বত্ৰে

সমাগত হোলী ৷ গতিকে সকলো ফালে হোলীক উদযাপন কৰিবলৈ সাজু হৈছে সকলো ৷ বিভিন্ন ৰঙৰ উৎসৱ হোলীত আমি আমাৰ পৰিয়াল পৰিজনৰ লগতে আমাৰ বন্ধু বান্ধৱীৰ লগত একত্ৰিত হৈ আনন্দ কৰিবলৈ সুযোগ পাওঁ ৷ হোলীয়ে কিছু সংখ্যক লোকৰ জীৱন ৰঙীন কৰাৰ লগতে আনন্দ কঢ়িয়াই আনে ৷ কাৰণ এই সময়ত আমি ইজনে সিজনক ৰঙ লগাই আনন্দ কৰোঁ । আৰু সেই ৰঙে আমাৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলে ৷
ৰামধেনুৰ সাতটা ৰঙৰ সমাবেশৰ লগতে অন্যান্য ৰঙে আমাৰ জীৱনলৈ লৈ আনে আনন্দ ৷ ইফালে আমাক প্ৰত্যেক বৰ্ষতে ৰামধেনুৰ সাতটা ৰঙৰ আমেজ দিয়াৰ লগতে হোলীৰ যোগান ধৰা কানপুৰৰ এটি দলৰ কথা নিশ্চয় উল্লেখ কৰিব লাগিব ৷ কানপুৰৰ এই দলটোৱে ফেন্সী বজাৰত প্ৰত্যেক বৰ্ষৰ দৰে এইবৰ্ষটো নিজৰ হোলীৰ দোকান ইতিমধ্যে স্থাপন কৰিছে৷ আমাক হোলীৰ যোগান ধৰা এজন হৈছে ব্যক্তি ৰ’হিজ আলি ৷ প্ৰায় ১৫ বছৰৰ পৰা হোলীৰ ব্যৱসায় কৰা ৰ’হিজে ইতিমধ্যে ৮ কুইন্টল হোলীৰে উপস্থিত হৈছে ।
ইফালে বিগত ৫ বছৰৰ পৰা মহম্মদ আলি নামৰ লোক জনেও হোলীৰ সহিতে উপস্থিত হৈছে । শ্বাহৰুখ খান নাম লোকজনে নিজ পিতৃৰ লগত ইতিমধ্যে হোলীৰ দোকান স্থাপন কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ অন্যহাতে হোলীৰ ৰঙসমূহৰ মূল্য সমূহো বিভিন্ন ধৰণৰ। পাউডাৰ সমূহ মূল্য প্ৰতি ১৫০ কিলোগ্ৰামত মূল্য হৈছে ১০০ টকা ৷ ৱাটাৰ কালাৰ সমূহৰ মূল্য ৫০ গ্ৰামত ৪০ ৰ পৰা ১০০ টকা ৷ ইফালে এই ৰং সমূহৰ সন্দৰ্ভত ফটাশিল আমবাৰীৰ এজন স্থানীয় বিক্ৰেতা ৰবী দাসে, বিগত পাঁচ বছৰৰ পৰা কলকাতাৰ পৰা ৰং সমূহ আমদানি কৰি আহিছে ৷ আৰু দাসে কানপুৰৰ দলতকৈ অধিক গুণগত মানদণ্ডৰ হোলী বিক্ৰী কৰাৰ কথা উল্লেখ কৰে।
লগতে ৰবি দাসে কয় যে,মই কুমকুম,মহাৰাজ,চীতাহ,নাটকাটৰ দৰে ব্ৰেণ্ডসমূহৰ যোগান ধৰোঁ ৷ মোৰ ৰং সমূহ ছালৰ কাৰণ ক্ষতিকাৰক নহয় ।গতিকে এক সুৰক্ষিত হোলীৰ উদযাপন কৰিবৰ কাৰণে এনেধৰণৰ হোলীসমূহৰ ব্যৱহাৰ কৰিব লাগে ৷ সদ্যহতে হোলী সম্প্ৰতি কেৱল ৰঙৰ উৎসৱ হৈ থকা নাই ৷ এই উৎসৱ সম্প্ৰতি আৱেগলৈ পৰিণত হৈছে । শিশুসকলে ব্যৱহাৰ কৰা এটি পিছকাৰীৰ মূল্য ২০ টকাৰ পৰা ৫০০ টকা ৷ অন্যহাতে এক নতুন ব্ৰেণ্ডৰ টেঙ্ক ক’ষ্টৰ মূল্য ৬৫০ টকা ৷ বন্দুকৰ মূল্য ১৮০ টকা,টী চাৰ্টৰ মূল্য ১৫০ টকা,মাস্কৰ মূল্য ২৫ ৰ পৰা ১৫০ টকা ৷ গতিকে সম্প্ৰতি উদযাপন কৰিব লগা ৰঙৰ উৎসৱ হোলীক সমগ্ৰ চহৰে আনন্দমুখৰ তথা ভাতৃত্ব বোধৰ উৎসৱ হিচাপে পালন কৰিব ।
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি