Begin typing your search above and press return to search.

সমাজ কল্যাণ বিভাগৰ কেলেংকাৰী সন্দৰ্ভত আৰু অধিক তথ্য পোহৰলৈ আহিব

সমাজ কল্যাণ বিভাগৰ কেলেংকাৰী সন্দৰ্ভত আৰু অধিক তথ্য পোহৰলৈ আহিব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2018 8:00 AM GMT

অসম প্ৰশাসনিক সেৱাৰ কেলেংকাৰীৰ পিছত এইবাৰ সমাজ কল্যাণ বিভাগৰ আন এক দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে। সমাজ কল্যাণ বিভাগত হোৱা অবাধ দুৰ্নীতি সন্দৰ্ভত আৰু অধিক তথ্য স্পষ্ট হবলৈ বাকী আছে। অসম আৰক্ষীৰ দুৰ্নিতী বিৰোধী ব্যুৰোৰ অভিযানৰ সময়ত সমাজ কল্যাণ বিভাগত সংঘটিত ২০০০ কৌটি টকীয়া কেলেংকাৰীৰ ভালেমান অন্ধকাৰ দিশ উন্মোচিত হৈছে। অবৈধ ভাবে ধনৰ বিনিময়ত প্ৰাৰ্থী সকলক চাকৰি প্ৰদানৰ ক্ষেত্ৰত এই বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল বুলি সন্দেহ কৰা হৈছে। সমাজ কল্যাণ বিভাগত ২০১৫-১৬ বৰ্ষত সাধাৰণ সহায়ক আৰু চুপাৰভাইজাৰৰ পদত নিযুক্তি পোৱা ১৪৪ জন প্ৰাৰ্থীৰ নিযুক্তিৰ সময়ত কেলেংকাৰী হোৱা তথ্য পোহৰলৈ আহিছে। অভিযোগ মতে এই ১৪৪ টা পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ লগত সমাজ কল্যাণ বিভাগে বৃহৎ পৰিমানৰ ধনৰ লেনদেন সংঘটিত কৰিছিল। ইতিমধ্যে দুৰ্নীতি বিৰোধী ব্যুৰোৰ

অনুসন্ধানত ১৪৪ টা পদৰ বাবে লোৱা পৰীক্ষাৰ ৩৫০০ অএমআৰ উত্তৰ বহী জব্দ কৰা হৈছে।

অসম আৰক্ষীৰ দুৰ্নীতি বিৰোধী গোটে ইতিমধ্যে ২০১৫-১৬ বৰ্ষত সমাজকল্যাণ বিভাগত চাকৰি পোৱা ছয়জন প্ৰাৰ্থীৰ হস্তাক্ষৰ আৰু চহী সংগ্ৰহ কৰি অসম ফৰেণচিক বিভাগলৈ প্ৰেৰণ কৰিছে লগতে প্ৰাৰ্থী কেইজনৰ ভাষ্যওঁ ভবিষ্যত অনুসন্ধানৰ বাবে সংগ্ৰহ কৰা হৈছে। বৃহস্পতি বাৰে অন্য ছয় জন প্ৰাৰ্থীক পুনৰ আৰক্ষীৰ ওচৰত হাজিৰ হবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। বাকী থকা প্ৰাৰ্থী সকলকো পৰ্য্যায়ক্ৰমে সোধ-পোছৰ বাবে হাজিৰ কৰা হব। প্ৰাৰ্থী সকলৰ মতামত আৰু হস্তাক্ষৰ সংগ্ৰহৰ পিছত, ফৰেণচিক বিভাগে দিয়া তথ্যৰ ভিত্তিত আৰু বহু নজনা তথ্য সদৰি হোৱাৰ পূৰ্ণ সম্ভাবনা আছে। দুৰ্নীতি বিৰোধী ব্যুৰোই ইতিমধ্যে ২০১৬ চনৰ ১১ ডিচেম্বৰত ১৯/২০১৬ নম্বৰত সমাজ কল্যাণ বিভাগৰ ২০০০ কৌটি টকাৰ কেলেংকাৰী সন্দৰ্ভত এটা গোচৰ ৰূজু কৰিছে। সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন সঞ্চালক মীনাক্ষী সুন্দৰমৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰূজু কৰা হৈছে। কেলেংকাৰীত জড়িত থকা লোক সকলৰ বিপক্ষে ২০১৫ চনৰ ২৫ মেত দুৰ্নীতি বিৰোধী ব্যুৰোই ইত্যিমধ্যে অভিযোগ পত্ৰ দাখিল কৰিছে। এতিয়ালৈ অভিযোগৰ ভিত্তিত কেলেংকাৰীৰ লগত জড়িত ১১ জন চাকৰিয়াল আৰু বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে।

বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যমতে সমাজ কল্যাণত ২০০০ কৌটি টকাতকৈও অধিক ধন বিভিন্ন আচনি কাৰ্য্যকৰী কৰাৰ নামত হৰলুকী হৈছে। সংযুক্ত শিশু বিকাশ আচনি, প্ৰয়োজনীয় পৰিপুষ্টি অভিযান, ইন্দিৰা গান্ধী মাতৃত্ব সহযোগ যোজনা আদি আচনি কাৰ্য্যকৰী কৰাৰ বাবে কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালত এই ধন সমূহ আত্মসাৎ কৰা হৈছিল বুলি অভিযোগ কাৰিয়ে মন্তব্য কৰিছে।বিজেপিৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে প্ৰথমৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহন কৰি আহিছে আৰু ভবিষ্যতেও গ্ৰহণ কৰি যাব বুলি চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি