Begin typing your search above and press return to search.

সমাজ কল্যান সঞ্চালকালয়ৰ সন্মুখত অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদ

সমাজ কল্যান সঞ্চালকালয়ৰ সন্মুখত অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Feb 2019 1:05 PM GMT

সমাজ কল্যাণ সঞ্চালকালয়ৰ সন্মুখত নিজৰ দাবীসমূহ অসম চৰকাৰক অৱগত কৰাবলৈ এইবাৰ ৰাজপথত প্ৰতিবাদত বহিল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ কৰ্মী সকল ৷ অৱশ্যে অংগন বাড়ী কৰ্মী সকলে ২০১৭ চনৰ ৫ জানুৱাৰীৰ পৰা নিজৰ দাবীসমূহ চৰকাৰক অৱগত কৰাৰ কাৰণে ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ ক্ষোভ যে তেওঁলোকৰ ক্ষেত্ৰত অসম চৰকাৰে উদাসীনতা অৱলম্বন কৰিছে ৷ লগতে অৱসৰ প্ৰাপ্ত অংগনবাড়ী কৰ্মী সহায়িকা সকলক কোনো ধৰণৰ সাহাৰ্য প্ৰদান নকৰাকৈ অৱসৰৰ কাৰণে হেচাঁ প্ৰয়োগ কৰিছে বুলি অভিযোগ কৰে অংগন বাড়ী কৰ্মী সহায়িকা সকলে। ইফালে, কৰ্মী সহায়িকা সকলে অভিযোগ কৰে যে, ২০১৭ বৰ্ষৰ ২৮ ডিচেম্বৰত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সভা কক্ষত বিভিন্ন দাবীৰ সন্দৰ্ভত আয়ুক্ত আলোক কুমাৰ চহৰীয়াৰ লগত আলোচনা হৈছিল ৷এই আলোচনাত কৰ্মীৰ বাবে ১০০০ টকা, সহায়িকাৰ বাবে ৫০০ টকা,মিনি কৰ্মীৰ কাৰণে ৭৫০ টকা, দিয়া হ’ব বুলি ঘোষণা কৰা হৈছিল ৷

লগতে এককালীন সাহাৰ্য্যৰ কাৰণে ৫ কোটি টকা চৰকাৰে নিৰ্দ্ধাৰণ কৰিছে বুলি জনাইছিল। কিন্তু আজি ৭ মাহৰ পিছতো এই সন্দৰ্ভত কোনো মীমাংসা ন’হল ৷ইয়াৰ বিপৰীতে সম্প্ৰতি ৬০ বছৰ অতিক্ৰম কৰা কৰ্মী সহায়িকা সকলক কোনো ধৰণৰ সাহাৰ্য প্ৰদান নকৰাকৈ অৱসৰৰ কাৰণে হেচাঁ প্ৰয়োগ কৰা হৈছে। এই অভিযোগ অংগন বাড়ী কৰ্মী সকলৰ । ইফালে,অংগনবাড়ী কৰ্মী সকলৰ বিভিন্ন দাবী সমূহৰ ভিতৰত আছে কৰ্মীৰ বাবে ৫০০০ টকা,সহায়িকাৰ কাৰণে ৩,৫০০ টকা মাহিলী ৰাজ্য চৰকাৰৰ পৰা আদায় লোৱা, অৱসৰৰ সময়ত ২ লাখ টকা,সহায়িকাৰ কাৰণে ১ লাখ ৫০ হাজাৰ টকা এককালীন সাহাৰ্য দিয়া , অংগন বাড়ী কেন্দ্ৰসমূহৰ ঘৰ সমূহৰ বিজ্ঞানসন্মত ভাৱে সজাই তোলা,উন্নত মানদণ্ডৰ সামগ্ৰীৰ যোগান ধৰা,ঔষধ,খোৱাপানীৰ যোগান ধৰা,খালী হৈ থকা কৰ্মী পদত সহায়িকাক পদোন্নতি,সৰু কেন্দ্ৰ সমূহক পূণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা,বিটিএডিটো সাধাৰণ সুবিধা পালন কৰা আদি ৷

উল্লেখ্য যে, কৰ্মী সহায়িকা সকলে ৬০ বছৰ হ’লে অৱসৰ লোৱা প্ৰসংগত এগৰাকী কৰ্মীয়ে প্ৰশ্ন কৰে যে,কৰ্মী সহায়িকাই ৬০ বছৰৰ পিছত অৱসৰ ল’ব লাগে বুলি ক’ত উল্লেখ আছে ৷চৰকাৰী কৰ্মচাৰী কৰাৰ সন্দৰ্ভত দাবী উত্থাপন কৰিলে বিভাগীয় কৰ্তৃপক্ষই কয় যে আপোনালোক স্বেচ্ছাসেৱী ৷ গতিকে স্বেচ্ছাসেৱী হিচাপে কাম কৰি আছো যেতিয়া, আমি কেতিয়াওঁ অৱসৰ নলওঁ ৷লগতে অৱসৰ পিছত পাব লগা সাহাৰ্য লাভ নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে কৰ্মী গৰাকীয়ে ৷লগতে কয় যে, মিনি অংগনবাড়ী কৰ্মীসকলেও ৭৫০ টকা আজিলৈকে নাপালে ৷গতিকে চৰকাৰক এই দাবী সমূহ কেতিয়া পূৰণ কৰিব বুলি প্ৰশ্ন কৰাৰ লগতে দাবীসমূহ পূৰণ নোহোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে ৷

অন্যহাতে দ্য চেন্টিনেলৰ লগত হোৱা এক সাক্ষাৎকাৰত এগৰাকী কৰ্মীয়ে কয় যে হঠাতে বিজেপি চৰকাৰে ৬০ বয়সীয়া কৰ্মীক অৱসৰ দিয়া সিদ্ধান্তক আমি মানি ল’ব নোৱাৰো ৷যেতিয়ালৈকে আমাক চৰকাৰী চাকৰীয়াল হিচাপে স্বীকৃতি নিদিয়ে তেতিয়ালৈকে আমাৰ অৱসৰ লোৱা ন’হব ৷যদি আমাৰ এই দাবী মানি ন’লয় তেতিয়া আমি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি যাম ৷ উল্লেখ্য যে , অংগনবাড়ী কৰ্মীসকলে তেওঁলোকৰ দাবী সমূহ পূৰণৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ গতিকে অংগন বাড়ী কৰ্মীসকলৰ এই দাবীসমূহৰ ক্ষেত্ৰত চৰকাৰে কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি