সমাজ সেৱক ময়ূৰ বড়াই লাভ কৰে ড° মইদুল ইছলাম বড়া বটাঁ

সমাজ সেৱক ময়ূৰ বড়াই লাভ কৰে ড° মইদুল ইছলাম বড়া বটাঁ
Published on

যোৱা দেওবাৰে শিৱসাগৰৰ আৰজে ক্লাৱত ২০১৮ বৰ্ষৰ সন্মানীয় ড° মইদুল ইছলাম বড়া বটাঁ অনুষ্ঠান আয়োজন কৰি জনপ্ৰিয় লেখক তথা সমাজ সেৱক ময়ূৰ বড়াক এই বটাঁ প্ৰদান কৰা হয়। অনুষ্ঠান খনৰ আয়োজন কৰে অৰুনোদয় সাহিত্য সভাই আৰু কবি প্ৰেম গগৈয়ে সহযোগিতা আগবঢ়ায়। ৰাজ্যিক শক্তি মন্ত্ৰী তথা সোনাৰিৰ বিধায়ক তপন গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

শিৱসাগৰ কমাৰ্চ কলেজৰ অধক্ষ্য তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ড° সৌমাৰ জ্যেতি মহন্তই মত প্ৰকাশ কৰি কয় যে; ড° মইদুল ইছলাম বড়া এগৰাকী মুক্তি যুঁজাৰু আছিল লগতে এগৰাকী শিক্ষাবিদ আৰু জনপ্ৰিয় লেখক আছিল।তেওঁ বৃটিছ শাসনৰ সময়ত ঢ়াকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। কোনো ৰহস্য জনক কাৰনত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com