সম্প্ৰসাৰণ কৰা হল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সমিতি, অন্তৰ্ভুক্ত হ'ল তিনিখন নতুন মুখ

বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্য্যবাহী সদস্য টুলিৰাম ৰহাঙে দুবছৰ পিছত সম্প্ৰাসাৰণ কৰিলে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সদস্যৰ সংখ্যা। বৃহস্পতি বাৰে নতুনকৈ ঘোষণা কৰা সম্প্ৰসাৰণ তালিকা খনত অন্তৰ্ভূক্ত কাৰা হৈছে এখন বৰ্ষীয়ান আৰু দুখন নতুন মুখৰ।নতুনকৈ অন্তভূক্ত সদস্য তিনিজন হৈছে মংগল সিং টাইমুং, হৰেণ সিংবে আৰু লুনসিং টেৰণ। নতুনকৈ অন্তৰ্ভূক্ত মুখকেইখনৰ পাছত বৰ্তমানৰ কাৰ্য্যবাহীসমিটিখনৰ কাৰ্য্যবাহী সদস্যৰ সংখ্যা সৰ্বোচ্ছ সীমা ১৪ জনলৈ বৃদ্ধি পাইছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুঠ সদস্যৰ সংখ্যা হৈছে ২৬ জন। ৰাজনৈতিক ভাবে সক্ৰিয় কাৰ্বি আংলঙৰ জনসাধাৰণে আদন্তুক পৰিষদখনৰ নিৰ্বাচনৰ আগত দলৰ ভেঁটি মজবুত কৰাৰ কাৰণেহে এই সম্প্ৰাসাৰণ কৰা হৈছে বুলি মন্তব্য কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টুলিৰাম ৰহাঙে বৃহস্পতিবাৰে নতুনকৈ অন্তভূক্ত কাৰ্য্যবাহী সদস্য তিনিজনক সামৰি আন আন সদস্যৰে সৈতে এখন ৰূদ্ধদ্বাৰ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত আগন্তুক পৰিষদৰ নিৰ্বাচন, আৰু অন্যান্য কাম কাজ সম্পৰ্কে আলোচনা কৰা হয় বুলি সুত্ৰৰ পৰা অহা তথ্যৰ ভিত্তিত জানিব পৰা গৈছে।