Begin typing your search above and press return to search.
সশস্ত্ৰ সীমা বলৰ চাফাই অভিযান

যোৱা মঙলবাৰে সামৰনি পৰে তেজপুৰৰ সশস্ত্ৰ সীমা বলে ১৫ছেপ্তেম্বৰৰ পৰা আয়োজিত কৰা স্বচ্ছতাই সেৱাৰ চাফাই অভিযান । তেজপুৰৰ সশস্ত্ৰ সীমা বলৰ ফৰ্ণ্টিয়াৰ হেড কোৱাটাৰ সহকাৰী পাব্লিচিটী অফিচাৰ ভি. চিনমুৱাঠাঙে মত প্ৰকাশ কৰি কয় যে; সশস্ত্ৰ সীমা বলৰ বিশেষ বিষয়া সকল,তেজপুৰ কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে তেজপুৰ কলেজৰ চৌহদ,ৰাস্তা-পথ,বৰিকা চুবুৰী এলেকাৰ চাফা কৰে ।
সামৰনি অনুষ্ঠানত সশস্ত্ৰ সীমা বলৰ সামান্য নিৰীক্ষক পি. স্তব্দানে কয় যে, তেজপুৰ কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে নিজৰ চৌপাশটি চাফা কৰি ৰখাৰ বাবে সজাগতাৰ সৃষ্টি কৰাৰ লগতে নিজেও এই বিষয়ে মানি চলিব লাগে লগতে কেৱল কলেজৰ চৌহদ নহয় আশে-পাশে থকা ৰাস্তা-পথো চাফা কৰি ৰাখিব লাগে ।
Next Story