Begin typing your search above and press return to search.

সাজিদ খানৰ নিলৰ্জ্জ কাণ্ডৰ বাবে ময়ো দোষী: ফাৰহান আখটাৰ

সাজিদ খানৰ নিলৰ্জ্জ কাণ্ডৰ বাবে ময়ো দোষী: ফাৰহান আখটাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2018 10:23 AM GMT

বলীউডৰ লগতে দেশৰ বিভিন্ন ক্ষেত্ৰত সম্প্ৰতি সকলোতে #Metoo য়ে ধুমুহাৰ সৃষ্টি কৰিছে ৷ বলীউডৰ বহু নামী দামী অভিনেতা সম্প্ৰতি #Metoo ৰ স্বীকাৰ হৈছে ৷ বলীউডৰ Metoo স্বীকাৰ হোৱা সকলৰ ভিতৰত ফাৰহান আখটাৰ ভাতৃ সাজিদ খানো অন্যতম ৷ এক অনুষ্ঠান ফাৰহান আখটাৰে অংশ লৈ কয় ,সাজিদ খানৰ #Metoo কাণ্ডৰ কাৰণে ফাৰহান আখটাৰে নিজকে দোষী হিচাপে গণ্য কৰে ৷

যদি সাজিদ খানৰ সম্পৰ্কে বিগত দিনত জানিলহেতেন তেন্তে এই বিষয়টোৰ সম্পৰ্কে ফাৰহান আখটাৰে আলোচনা কৰিলহেতেন ৷ লগতে ফাৰহান আখটাৰে কয় যে, এনে নিলৰ্জ্জ কাণ্ড সংঘটিত কৰা জন যেতিয়া পৰিয়ালৰলোক হয় তেন্তে সেই পৰিয়ালটোৰ বাকী সদস্যসকলো অপৰাধ বোধত ভূগে ৷সাজিদ খানৰ ওপৰত দিয়া এই আৰোপ যথেষ্ট গম্ভীৰ ৷গতিকে এই বিষয়টোৰ ওপৰত আদালতত বিচাৰ হ’ব লাগে৷

ইফালে সাজিদ খানৰ ওপৰত #Metoo অভিযোগ সম্পৰ্কত ছ’চিয়েল মিডিয়াটো যথেষ্ট তীব্ৰ সমালোচনা কৰে ফাৰহান আখটাৰে৷সাজিদ খানৰ ভগ্নী ফাৰাহ খানেও এই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অন্যহাতে, সাজিদ খানৰ ওপৰত লগোৱা #Metoo ৰ পিছত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বলীউডৰ বিভিন্ন অভিনেতা অভিনেত্ৰীসকলৰ মাজত ৷অভিনেত্ৰী দিয়া মিৰ্জাই সাজিদ খানক বহু তীব্ৰ সমালোচনা কৰে ৷

লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে,আমি আমাক কৰা অশ্লীল ব্যৱহাৰ বা ইংগিত পাহৰি যাওঁ৷কিন্তু সাজিদ খানৰ সম্পৰ্কত কোনেও কল্পনা কৰিব নোৱাৰে যে সাজিদ খানে কোনো মহিলাৰ লগত এনে ব্যৱহাৰ কৰিব পাৰে ৷ উল্লেখযোগ্য যে,#Metooয়ে ষ্টাৰ প্লাচৰ "আমিৰ খান"ৰ জনপ্ৰিয় অনুষ্ঠান "সত্যমেৱ জয়তে"ত স্থান পাব ৷ এক বিশেষ সূত্ৰত অনুযায়ী আমিৰ খানে এটা এপিচ’ডত #Metoo ৰ বিষয়ে আলোচনা কৰিব পাৰে ৷ য’ত উপস্থিত থাকিব #Metoo উত্থাপন কৰা বহু যুৱক যুৱতী ৷ সত্যমেৱ জয়তে ২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰচাৰিত হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক:মনোৰঞ্জন

Next Story
চাকৰি