Begin typing your search above and press return to search.

সাময়িক ভাৱে বাঘ, গঁড়ৰ দ্বাৰা নিৰ্মিত সামগ্ৰী বন্ধ চীনত

সাময়িক ভাৱে বাঘ, গঁড়ৰ দ্বাৰা নিৰ্মিত সামগ্ৰী বন্ধ চীনত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Nov 2018 12:47 PM GMT

মঙ্গল বাৰে চীনৰ ৱাইল্ড এড নামৰ প্ৰকৃতি প্ৰেমী সংস্থা এটাই চীন চৰকাৰৰ এক বিশেষ নিৰ্দেশনাক আদৰণি জনাইছে। কিয়নো চীনত সাময়িক ভাৱে চৰকাৰে বাঘৰ হাড়, গড় ৰ খৰ্গ আদিৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

সোমবাৰে বেইজিঙ চৰকাৰে যোৱা অক্টোবৰ মাহত কৰা ঘোষণা অনুসৰি বাঘ আৰু গঁড়ৰ দেহৰ বিভিন্ন সামগ্ৰী সমূহ কিছুমান বিশেষ কাৰ্য্যত ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছিল, চিকিৎসক বিশেষজ্ঞ‌ই কিছু ঔষধ আৰু পাৰম্পৰিক চীনা ঔষধৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছিল যদিও সোমবাৰৰ নিৰ্দেশনাৰ পৰা এই ঘোষণাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰে।

" এইটো এটা খুব জটিল বাৰ্তা প্ৰেৰণ কৰা হব চীনা পাৰম্পৰিক বনৌষধিৰ ক্ষেত্ৰত জীৱ জন্তুৰ ব্যৱহাৰৰ দিশত। কিয়নো চীন প্ৰদেশৰ বহু অঞ্চলত ঔষধ হিচাবে জীৱ জন্তুৰ হাড় ছাল আদি ব্যৱহাৰ কৰা হয়" এইদৰে ই এফ চি নিউজত মন্তব্য আগবঢ়াই ৱাইল্ড‌এইড ৰ চি ই অ পিটাৰ নাইটে। লগতে নিষেধাজ্ঞাৰ নিৰ্দেশনা চৰকাৰে স্থায়ী ভাৱে আৰোপ কৰি বন্য জীৱ জন্ত সংৰক্ষণত ভূমিকা লবলৈ দাবী জনাই।

সোমবাৰে চীন ৰাজ্য সভাৰ জেষ্ঠ বিষয়া দিঙ চুয় ড‌ঙে বাতৰিত সদৰি কৰে যে বাঘৰ হাড় আৰু গড়ৰ খৰ্গ ব্যৱহাৰৰ যি সাময়িক নিষেধাজ্ঞা জাৰি কৰা হৈছে সেই নিষেধাজ্ঞা একেবাৰে তলব কৰাৰ ব্যৱস্থা চৰকাৰে হাতত লৈছে। বণ্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাঘ আৰু গড়ৰ দেহৰ বিভিন্ন সামগ্ৰী যদি কোনোবাই অবৈধ ভাবে ব্যৱহাৰ কৰে তেন্তে চীন চৰকাৰৰ ওচৰত আইনমতে অপৰাধৰ সন্মূখীন হব বুলিও সদৰি কৰে দিঙ চুয় ডঙে।

তথাপিও কিছু বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা বা গৱেষণাৰ বাবে গড় আৰু বাঘৰ দেহৰ সামগ্ৰী ব্যৱহাৰৰ দিশত চৰকাৰে অনুমতি প্ৰদান কৰিছে।

চীন চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছে যে চৰকাৰে বণ্যপ্ৰাণী সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে আন্তৰ্জাতিক ভাবে বণ্যপ্ৰাণী সংৰক্ষণ আইন কঠোৰৰ পৰা কঠোৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব।

ইতিমধ্যে ৱৰ্ল্ড ৱাইল্ড লাইফ ফ'ন্ডে ঘোষণা কৰিছে গঁড় আৰু বাঘৰ সংখ্যা দিনক দিনে কমি আহিছে আৰু এনেদৰে বণ্যপ্ৰাণী হত্যা বন্ধ নকৰিলে এদিন পৃথিৱীৰ বুকুৰ পৰা এই বণ্যপ্ৰাণী সমূহ এদিন হেৰাই যাব।

Next Story
চাকৰি