Begin typing your search above and press return to search.

সামৰণি পৰিল এন আৰ চিৰ দাবী-আপত্তি দাখিল প্ৰক্ৰিয়াৰ

সামৰণি পৰিল এন আৰ চিৰ দাবী-আপত্তি দাখিল প্ৰক্ৰিয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Jan 2019 7:53 AM GMT

অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দাবী-আপত্তি দাখিল প্ৰক্ৰিয়াৰ ৩১ ডিচেম্বৰৰ মাজনিশা সামৰণি পৰিছে। প্ৰথমে ডিচেম্বৰৰ ১৫ তাৰিখলৈ দাবী-আপত্তিৰ সময় সীমা নিৰ্ধাৰণ কৰাৰ পিছত ১৫ দিন বৃদ্ধি কৰি ৩১ ডিচেম্বৰ কৰা হ'ল। অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্য্যলয়ৰ পৰা জনোৱা অনুসৰি এন আৰ চিৰ চূড়ান্ত খচৰাত নাম বাদ পৰা ৪০ লাখ লোকৰ ভিতৰত ৩০ তাৰিখলৈ প্ৰায় ৩০ লাখ লোকে দাবীৰ আবেদন কৰিছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰা ৩.২৯ কোটি লোকৰ ভিতৰত ২.৯ কোটি লোকৰ নাম অন্তৰ্ভূক্ত হৈছে। ৩০ লাখ লোকে ৩০ তাৰিখলৈ দাবী আবেদন দাখিল কৰাৰ পিছত অন্তিম দিনটোত আৰু বহু লোকে আবেদন কৰিব পাৰে বুলি ৰাজ্যিক সমন্বয়কৰ কাৰ্য্যলয়ে জনাইছে।

উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত যথেষ্ট নীতি নিৰ্দেশনা ইতিমধ্যে প্ৰদান কৰিছে। যিসকল লোকে ইতিমধ্যে নাগৰিক পঞ্জীৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ সময়ত ভূৱা তথ্য যোগান ধৰিব সেইসকল লোকক জৰিমনা বিহাৰো নিৰ্দেশ প্ৰদান কৰিছে। ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা বিভিন্ন জিলাৰ সদৰ আৰু মহকুমা সমূহত দাবী আৰু আপত্তিৰ শুনানিৰ কাম আৰাম্ভ হব আৰু নতুন বছৰৰ দ্বিতীয় দিনটোৰ পৰা এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভূক্ত যিসকল লোকৰ নাম ভূলকৈ আহিছে সেইসকল লোকে নিজৰ নাম শুধৰণি কৰাৰ সুযোগ লাভ কৰিব। জানুৱাৰীৰ ৩১ তাৰিখ পৰ্য্যন্ত লোকসকলে নাম শুধৰণিৰ সুযোগ লাভ কৰিব পাৰিব। ডিজিটেল পদ্ধতিৰে নাম সমূহ শুধৰণি কৰাৰ লাভ কৰিব লোক সকলে আৰু এই প্ৰক্ৰিয়া সেৱা কেন্দ্ৰ সমূহত গৈ অথবা যিকোনো ইণ্টাৰনেট কেফেৰ পৰা অনলাইন যোগে আবেদন কৰিব পাৰে।

সন্দেহ জনক লোকৰ বিপক্ষে আপত্তি কৰা লোকৰ সংখ্যা মাত্ৰ ৭০০ জন কিন্তু অন্তিম দিনটোত এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। অসমত এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ কাৰণে নাগৰিক পঞ্জী কতৃপক্ষই বিভিন্ন মহলক আবেদন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰণৰ কাৰণে আপত্তি প্ৰক্ৰিয়াত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলে অসমৰ ৰাইজক বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে।

নতুন বছৰত অসমবাসীয়ে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী লাভ কৰিব বুলি সমূহ লোকে আশাৰে বাট চাই আছে। ইতিমধ্যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ ৰাষ্ট্ৰীয় পৰ্য্যায়টো যথেষ্ট ৰাজনীতিৰ আৰম্ভ হৈছে। বিজেপিৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহে সমগ্ৰ দেশত নাগৰিক পঞ্জী উন্নীত কৰণৰ পোষকতা কৰিছে। অসমত দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ সমৰণি পৰাৰ পিছত এতিয়া পৰবৰ্তী পৰ্য্যয়ত প্ৰত্যাহবানপূৰ্ণ স্তৰটো হল শুনানি প্ৰক্ৰিয়া।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি