
বলীউডৰ অভিনেতা কাৰ্তিক আয়ান আৰু সাৰা আলী খানৰ সন্দৰ্ভত বি টাউনত চৰ্চা অব্যাহত আছে। কৰণ জোহৰৰ অনুষ্ঠান কফী উইথ কৰণত সাৰা আলী খানে মন্তব্য কৰিছিল যে কাৰ্তিক আয়ানক ডেট কৰিব বিছাৰে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পিছত অভিনেত্ৰী সাৰা আৰু কাৰ্তিক আয়ানৰ মাজত থকা সম্পৰ্কটোক লৈ চৰ্চা অব্যাহত থাকে অনুৰাগীসকলক মাজত।
কাৰ্তিক আয়ান আৰু সাৰা আলী খানে শেহতীয়াকৈ অভিনয় কৰিছে দীপিকা পাডুকন আৰু চৈইফ আলী খানৰ ২০০৯ চনত মুক্তি প্ৰাপ্ত ছবি লভ আজ কলৰ চিকুৱেলত ৷ দুয়োগৰাকী অভিনেতাৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা বিভিন্ন ফ’টো অথবা ভিডিঅ’ প্ৰত্যক্ষ কৰে অনুৰাগীসকলে । অন্যহাতে,শেহতীয়াকৈ লুকা চুপীৰ অভিনেতা কাৰ্তিক আয়ানক প্ৰত্যক্ষ কৰা হ’ল সাৰা আলি খানৰ বাসগৃহৰ বাহিৰত ৷
অৱশ্যে কাৰ্তিকে কেমেৰা দেখি মুখ লুকুৱাবলৈ যত্ন কৰে ৷ কাৰ্তিক আয়ান আৰু সাৰা আলি খানৰ ছবি লভ আজ কলৰ মুক্তি পাব পৰৱৰ্তী বৰ্ষৰ ভেলেন্টাইন দিৱসত। কাৰ্তিক আয়ানক দেখিবলৈ পোৱা যাব পতি পত্নী আৰু ৱ’ ছবিৰ ৰিমেকত ৷ এই ছবিখনত অন্যন্যা পাণ্ডে আৰু ভূমি পাডনেকাৰে অভিনয় কৰিছে ৷ইফালে সাৰা আলী খানক দেখিবলৈ পোৱা যাব কুলী নাম্বাৰ ১ ত।
বলীউডত সম্প্ৰতি চৰ্চিত হৈ থকা এখন ছবি হৈছে লভ আজ কল ২৷ কাৰ্তিক আয়ান আৰু সাৰা আলী খানে অভিনয় কৰা ছবিখনক লৈ উৎসুক চলচ্চিত্ৰ প্ৰেমীসকল ৷ কিন্তু সম্প্ৰতি লভ আজ কল ২ ছবিখনত সাৰা আলী খানৰ উপৰিও অন্য এগৰাকী নায়িকা থকাৰ তথ্য পোৱা গৈছে ৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ দিল্লীৰ সূছী সম্প্ৰতি শেষ হৈছে ৷
সেয়েহে এটি পাৰ্টিৰ আয়োজন কৰিছিল ছবিখনৰ কলা কুশলী সকলে ৷ এই পাৰ্টিত ইমতিয়াজ আলী আৰু কাৰ্তিক আয়ানে যথেষ্ঠ আনন্দ কৰা দেখা গৈছে ৷ ইমতিয়াজ আলীয়ে লভ আজ কল টুৰ চিকুৱেল নিৰ্মাণ কৰিছে ৷ ছবিখনত কাৰ্তিক আয়ানৰ আৰু সাৰা আলী খানে মুখ্য ভূমিকা গ্ৰহণ কৰিছে ৷অৱশ্যে ছবিখনৰ নামৰ ক্ষেত্ৰত এতিয়াও সিদ্ধান্তলৈ অহা নাই ছবিখনৰ নিৰ্মাতাসকল ৷ কিন্তু ছবিখনৰ নাম লভ আজ কল ২ হ’ব বুলিয়ে জানিব পৰা গৈছে ৷
ছবিখনত সাৰা আলী খানৰ উপৰিও কাৰ্তিক আয়ানে দুগৰাকী হিৰোইনৰ লগত ৰোমাঞ্চ কৰিব বুলি খবৰ চৰ্চা লাভ কৰিছে ৷ ইফালে ছবিখনত অভিনয় কৰা বাকী হিৰোইন দুগৰাকী কোন সেয়া সম্প্ৰতি জানিব পৰা হোৱা নাই ৷
অন্যহাতে কিছুদিনৰ আগতে সাৰা আলী খানৰ লগত কাৰ্তিক আয়ানে এখন ৰেষ্টুৰেন্টত কফী খোৱাৰ এখন ফ’টোৱে চৰ্চা লাভ কৰিছিল ৷ কাৰ্তিক আৰু সাৰা আলী খানৰ ফ’টো ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছিল ৷ শেহতীয়াকৈ কাৰ্তিক আয়ানে জনাই যে অভিনেত্ৰী সাৰা আলী খানৰ লগত পুনৰাই দিল্লীত এটি পাৰ্টিত অংশ ল’ব বিছাৰে কাৰ্তিক আয়ানে৷ গতিকে কাৰ্তিক আয়ানৰ লগত চৰ্চিত সাৰাৰ নামে কেনেধৰণে আগবাঢ়ে সেয়া হ’ব লক্ষ্যনীয় ৷
অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন