সীমান্তত শান্তি বৰ্তাই ৰাখিবলৈ সিদ্ধান্ত ভাৰত আৰু চীন চৰকাৰৰ

সীমান্তত শান্তি বৰ্তাই ৰাখিবলৈ সিদ্ধান্ত ভাৰত আৰু চীন চৰকাৰৰ

ভাৰত আৰু চীনৰ সীমান্তত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰিছে দোয়োখন দেশৰ চৰকাৰে।দক্ষিণ আফ্ৰিকাৰ জোহানচবাৰ্গত অনুস্থিত বাৰ্ষিক ব্ৰিকছ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিংৰ মাজত হোৱা বৈঠকত দোয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধান দুগৰাকীয়ে সীমান্তৰ সেনা বাহিনীৰ মাজত শান্তি আৰু সমৃদ্ধি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।ভাৰতীয় বৈদেশিক সচিব বিজয় গখালে কয় যে দোয়োজন ৰাষ্ট্ৰপ্ৰধানে কয় যে ইতিমধ্যে সীমান্তৰ সেনা বাহিনীক দোয়োখন দেশৰ সীমান্তত শান্তি বৰ্তাই ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিব।বিশেষকৈ ভাৰত-ভূটান-চীন সীমান্তৰ ডুকলামত দুমাহৰ পৰা ভাৰত আৰু চীনৰ সেনাৰ মাজত যুদ্ধসদৃশ পৰিবেশ হৈ আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com