দেশৰ উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা তথা প্ৰৱজন বিৰুধী মঞ্চৰ সমন্নয়ক উপমন্যু হাজৰিকাই খিলঞ্জীয়াৰ ৰক্ষা কবচ এনআৰচিৰ সন্দৰ্ভত কয় যে দাবী আৰু প্ৰতিবাদ প্ৰক্ৰিয়াৰ দ্বাৰা এনআৰচিৰ কাম সচ্চভাৱে নহয়।সীমান্তৱৰ্তী জিলাসমূহত সঠিক মূল্যায়ন,অনুসন্ধান আৰু নিৰূপণৰ জড়িয়তেহে অবৈধ প্ৰৱজন বন্ধ কৰিব পৰা হব।গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মাধ্যমক সম্বোধন কৰি হাজৰিকাই কয় যে এনআৰচিত বৃহৎ সংখ্যক বাংলাদেশীৰ নাম সন্নিবিষ্ট হৈছে।ধুবুৰীৰ দৰে সীমান্তৱৰ্তী জিলাত অতি কম নামহে এনআৰচিন নহাতো ৰহস্যজনক কথা।৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছিল।
'সীমান্তৱৰ্তী জিলাসমূহত এনআৰচিৰ কাম নিৰূপণৰ কাম ভালকৈ হব লাগে'

Next Story