Begin typing your search above and press return to search.

সীমা সুৰক্ষা বাহিনীৰ জোৱানে হত্যা কৰিলে আন এজন জোৱানক

সীমা সুৰক্ষা বাহিনীৰ জোৱানে হত্যা কৰিলে আন এজন জোৱানক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Oct 2018 10:12 AM GMT

কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত সংঘটিত হৈছে এক ভয়ংকৰ গুলিয়াগুলিৰ ঘটনা । সীমা সুৰক্ষা বাহিনীৰ এজন জোৱানে হত্যা কৰিলে এজন জোৱানক । আন এজন জোৱান গুলিবিদ্ধ হৈ গুৰুতৰ ভাৱে আহত হৈ মৃত্যুৰ সৈতে যুঁজি আছে । নিহত অশোক কুমাৰ আৰু আহত অভিজিৎ ৰঞ্জন পাল কৰিমগঞ্জৰ ৭ নম্বৰ ব্যাটেলিয়নৰ চোৱাংচোৱা বিভাগত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে । হত্যাকাৰী শিৱ যোগী পাণ্ডেই ঘটনা সংঘটিত কৰি আগ্নেয়াস্ত্ৰ লৈ পলায়ন কৰে । গুলিবিদ্ধ অভিজিতক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ঘাতকৰ অনুসন্ধানত কৰিমগঞ্জত গভিৰ নিশালৈকে তালাচি অভিযান চলাই । আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

Next Story
চাকৰি