সুকীয়া বড়োলেণ্ডৰ দাৱীত অটল এন এ পি এম

সুকীয়া বড়োলেণ্ড গঠনৰ দাৱীত অটল হৈ আছে গণ আন্দোলনকামী ৰাষ্ট্ৰীয় ঐক্য।সুকীয়া বড়ো ৰাজ্য গঠনৰ প্ৰতি থকা নিজ সমৰ্থন বৃদ্ধি কৰি
শুক্তবাৰে গণ আন্দোলনকামী ৰাষ্ট্ৰীয় ঐক্যৰ ফালৰ পৰা কোৱা হয় দীৰ্ঘদিন ধৰি বঞ্চিত জনজাতীয় লোক সকলৰ সাংবিধানিক অধিকাৰ তেওঁলোকক প্ৰদানৰ কৰিবই লাগিব, অন্যথা পৰিণাম ভয়াবহ হব।দুই অক্টোৱৰত গুজৰাটৰ দাণ্ডিৰ পৰা উলিওৱা সংবিধান সন্মান যাত্ৰাৰ ১৪ জনীয়া দলটো আজি আহি কোকৰাঝাৰত উপস্থিত হয়। ১৪ জনীয়া দলটোক বডৌফা হাউছত আবছুৰ সভাপতি প্ৰমোদ বড়োৱে পৰম্পৰাগত আৰণাইৰে সম্বৰ্ধনা জনাই আৰু দলটোৰ সতে এক বৈঠকত অংশ লয়। সাংবাদিকৰে হোৱা মত বিনিময়ত দলটোৰ লগত সুদুৰ তেলেংগানাৰ পৰা অহা মীৰা সংঘমিত্ৰাই এন এ পি এম য়ে দীৰ্ঘদিন ধৰি সুকীয়া বড়োলেণ্ড গঠনৰ বাবে শক্তিশালী দাৱী জনাই অহা বুলি মন্তব্য কৰে।সংঘমিত্ৰাই সুকীয়া বড়োলেণ্ড গঠনৰ দাৱী বড়োসকলৰ ঐতিহাসিক আৰু সাংবিধানিক অধিকাৰৰ বাবে ন্যায় সংগত বুলিও কয়। দীৰ্ঘদিন ধৰি শোষিত,পীড়িত জনতাৰ ন্যায়ৰ বাবে মাত মাতি অহা বাবে এন এ পি এমক প্ৰশংসা কৰে মীৰা সংঘমিত্ৰাই।সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সংঘমিত্ৰাই আকৌ কয় যে বৰ্তমানৰ বড়োলেণ্ডৰ পৰিষদখনে প্ৰত্যাশা অনুসৰি কা্ম কৰিব নোৱাৰা বাবে অসমৰ বড়ো জনতাই দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভোগ কৰি আহিছে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দেশত ধৰ্মৰ নামত ৰাজনীতি কৰা বুলি অভিযোগ আনি ই দেশৰ আভ্যন্তৰীণ ঐক্য বিনষ্ঠ কৰা বুলি ক্ষোভ উজাৰে। উত্তৰ প্ৰদেশৰ সন্দীপ পাণ্ডেই বিজেপিয়ে ধৰ্মৰ নামত দেশক খণ্ড খণ্ড কৰিব ওলোৱা বুলি মন্তৱ্য কৰি কয় দেশৰ তিনিশতকৈয়ো অধিক দল-সংগঠনে গণ আন্দোলনকামী ৰাষ্ট্ৰীয় ঐক্য লগত সংযুক্ত হৈছে আৰু দাণ্ডিৰ পৰা আৰাম্ভ হোৱা সংবিধান সন্মান যাত্ৰাৰ প্ৰতি নিজৰ সমৰ্থন আগবঢ়াইছে। উল্লেখ্য যে আবছুয়ো এই যাত্ৰাৰ প্ৰতি নিজৰ সমৰ্থন আগবঢ়াইছে। আবছুৰ সভাপতি প্ৰমোদ বড়োই আবছুই সদায় এন এ পি এমৰ প্ৰতাৰিত জনতাৰ হকে মাত মাতি অহা আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই যাব বুলি কয়। প্ৰমোদ বড়োৱে পুনৰ আবছুৱে দীৰ্ঘদিন ধৰি সুকীয়া বড়োলেণ্ড বিছাৰি আন্দোলণ কৰি আছে যদিও এতিয়াও এই দাৱী পুৰণ হোৱা নাই বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰি এখন নতুন ৰাজ্য গঠন কৰাৰ বাবে আহ্বান জনাইছে।