Begin typing your search above and press return to search.

মানৱতা ৰক্ষাৰ স্বাৰ্থত সন্ত্ৰাসবাদীক অৰ্থ যোগান ধৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান: পৰোক্ষ্য ভাৱে পাকিস্তানক আক্ৰমণ সুষমা স্বৰাজৰ

মানৱতা ৰক্ষাৰ স্বাৰ্থত সন্ত্ৰাসবাদীক অৰ্থ যোগান ধৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান: পৰোক্ষ্য ভাৱে পাকিস্তানক আক্ৰমণ সুষমা স্বৰাজৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 March 2019 9:55 AM GMT

আবু ধাবিত বিদেশ মন্ত্ৰী সুষমা স্বৰাজ । অৰ্গেনাইজেচন অব ইছলামিক কো–অপাৰেচন (OIC)ৰ বৈঠকত অংশগ্ৰহণ কৰে বিদেশ মন্ত্ৰীগৰাকীয়ে। অৰ্গেনাইজেছন অব ইছলামিক কো অপাৰেচন সন্মিলনীত অংশগ্ৰহন কৰা সুষমা স্বৰাজে ভাৰতৰ প্ৰথম গৰাকী মন্ত্ৰী । OIC সন্মিলনীত ঋক বেদৰ শ্লোকেৰে মন্ত্ৰী সুষমা স্বৰাজে ভাষন আৰম্ভ কৰি কয় যে সন্ত্ৰাসবাদক দমন কৰিব লাগে।

পাকিস্তান আৰু বাংলাদেশই সন্ত্ৰাসবাদৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্থ হৈছে । সন্ত্ৰাসবাদীয়ে ধৰ্মৰ নামতে অধিক হিংসাত্মক ঘটনা সংঘটিত কৰি আহিছে । ইছলামৰ অৰ্থ হৈছে শান্তি, আল্লাৰ ৯৯ টা নামৰ এটাৰ অৰ্থও হিংসা নহয় । একেদৰেই প্ৰত্যেক ধৰ্মৰ মুলমন্ত্ৰ হৈছে শান্তি ।

পৰোক্ষ ভাৱে সুষমা স্বৰাজে পাকিস্তানক আক্ৰমণ কৰে আৰু কয় যে ৰাষ্ট্ৰই মানৱতা ৰক্ষাৰ স্বাৰ্থত সন্ত্ৰাসবাদীক অৰ্থৰ যোগান ধৰিব নালাগে । সুষমা স্বৰাজে পাকিস্তানৰ নাম উল্লেখ নকৰাকে সমালোচনা কৰে আৰু জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰাৰ বিষয়টো উত্থাপন কৰে ।

পুলোৱামা কাণ্ডত সংঘটিত কৰাৰ কিছু সময়ৰ পাছতে জেইছ ই-মহম্মদে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে । যি ঘটনাত ভাৰতৰ ৪০ জনকৈ সেনা জোৱান শ্বহীদ হৈছিল । ৪৬ সংখ্যাক অৰ্গেনাইজেচন অব ইছলামিক কো–অপাৰেচন সন্মিলনীত অংশগ্ৰহন কৰি ভাৰতত বাসীক সম্বোধন কৰে । লগতে প্ৰায় ১৮৫ মিলিয়ন মুছলিম ভাতৃ-ভগ্নীৰ কথা উল্লেখ কৰে । ভাৰত পাকিস্তানৰ সম্পৰ্ক অধিক অবনতি ঘটাৰ কথা প্ৰকাশ কৰে । পুলোৱামা কাণ্ডত ১২ দিনৰ পিছত ভাৰতে বালাকোটত সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰি প্ৰায় ৩৫০ সন্ত্ৰাসবাদীক হত্যা কৰিছিল ।

প্ৰথম বাৰৰ বাবে OIC ত অংশগ্ৰহণৰ বাবে যোৱা বিদেশ মন্ত্ৰী সুষমা স্বৰাজক বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে UAEৰ বিদেশ মন্ত্ৰীয়ে উষ্ম আদৰণি জনায়। অৰ্গেনাইজেচন অব ইছলামিক কো–অপাৰেচন ৫৭খন দেশৰ এক প্ৰভাৱশালী সংগঠন। উল্লেখযোগ্য এই মঞ্চৰ প্ৰতিষ্ঠাপক সদস্য পাকিস্তানে ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজক অৰ্গেনাইজেচন অব ইছলামিক কো–অপাৰেচনত আমন্ত্ৰণ জনোৱাৰ কথাত ক্ষোভ প্ৰকাশ কৰে । ভাৰতৰ বিদেশ মন্ত্ৰী ক আমন্ত্ৰণ জনোৱাৰ বাবেই পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীয়ে OIC সন্মিলনীত অংশগ্ৰহন নকৰিলে ।

Next Story
চাকৰি