Begin typing your search above and press return to search.

সুৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

সুৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Feb 2019 6:48 AM GMT

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গোলাঘাটত চুলাই সেৱন কৰি মৃত্যু হোৱা লোকৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শালমৰা চাহ বাগানত সংঘটিত হোৱা ঘটনাক লৈ ন্যায়িক তদন্ত হ’ব লাগে। শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে সংবাদ মেলৰ আগত এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক দোষী সাব্যস্ত কৰে ৷লগতে গগৈয়ে কয় যে ন্যায়িক তদন্তই এই ঘটনাৰ সীমিত নকৰে ৷কিন্ত এই ঘটনাৰ সন্দৰ্ভত বাস্তবিক তথ্য সমূহ পোহৰলৈ আনিব ৷

ইফালে ৰাজ্য চৰকাৰৰ লগতে শুল্ক বিভাগ,জিলা আৰক্ষী প্ৰশাসনকো এই ক্ষেত্ৰত দোষী সাব্যস্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ৷চৰকাৰক সুৰাৰ ওপৰত প্ৰতিবন্ধকতা লগাবলৈ আহ্বান কৰে গগৈয়ে ৷অন্যহাতে ৰাজ্যত কংগ্ৰেছৰ শাসন চলি থকা সময়ক স্মৰণ কৰি গগৈযে কয় যে আমি যেতিয়া শাসনত আছিলো ৷তেতিয়া আমি এই ক্ষেত্ৰত চুলাই ক্ষেত্ৰত ড্ৰাই ডে ঘোষণা কৰিছিলো ৷কিন্তু বিজেপি চৰকাৰ শাসনলৈ আহি সকলো ঢিলা কৰি দিলে ৷কাৰণ সুৰাৰ পৰা ৰাজহ আদায় কৰিব পাৰে ৷ গতিকে এই ঘটনাৰ সন্দৰ্ভত বিহীত ব্যৱস্থা ল’ব লাগে ৷এজন বা দুজন বিষয়াক নিলম্বণ কৰিলে সকলো সমস্যাৰ সমাধান নহয় ।এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি