Begin typing your search above and press return to search.

সুৰা ট্ৰেজেডীত প্ৰভাৱিত অঞ্চল পৰিদৰ্শন সৰ্বদলীয় প্ৰতিনিধি মণ্ডলৰ

সুৰা ট্ৰেজেডীত প্ৰভাৱিত অঞ্চল পৰিদৰ্শন সৰ্বদলীয় প্ৰতিনিধি মণ্ডলৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Feb 2019 6:43 AM GMT

অসম বিধান সভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীৰ সহিতে এক সৰ্বদলীয় প্ৰতিনিধিমণ্ডলে ২৮ ফ্ৰেব্ৰুৱাৰীত গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত সুৰাৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰিব ৷ উল্লেখ্য যে গোলাঘাটৰ শালমীৰা চাহ বাগিচাৰ সুৰা ট্ৰেজেডীয়ে কপাঁই গৈছিল সমগ্ৰ ৰাজ্য। প্ৰায় ১৫০ ৰো অধিক লোকৰ মৃত্যু হৈছিল বিষাক্ত সুৰা সেৱন কৰি৷গোলাঘাটৰ সুৰা ট্ৰেজেদীয়ে চুই গৈছে ৰাজ্যৰ জনসাধাৰণক ৷ বিভিন্ন দল,সংগঠন,ব্যক্তি বিশেষে এই সন্দৰ্ভত ক্ষোভৰ উদগীৰণ ঘটিছে ৷অন্যহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে বিষাক্ত চুলাই সেৱন কৰি চিকিৎসাধীন হৈ থকা লোকসকলক ৷ ৰাজ্য চৰকাৰে চুলাই খায় মৃত্যুক সাৱটি লোৱা সকলক ২ লাখ টকা আৰু চিকিৎসাধীন হৈ থকা সকলক ৫০ হাজাৰ টকাকৈ সাহাৰ্য প্ৰদান কৰে ৷

আৰু এই বিষাক্ত সুৰা সেৱন কৰি বিভিন্ন জন লোকে মৃত্যুক সাৱটি লোৱাৰ পিছতে ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰিছে ৷আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সম্প্ৰতি কেইবাজনকৈ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ৷উল্লেখ্য যে,চুলাই হৈছে এবিধ স্থানীয় সুৰা ৷উজনি অসমত চাহ বাগান অঞ্চলসমূহৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ আশে পাশে সাপ্তাহিক বজাৰত মুকলিকৈ বিক্ৰী কৰা হয় এইবিধ সুৰা ৷ মন কৰিব লগা কথা এয়ে যে, ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগ,আৰক্ষী আৰু জিলা প্ৰশাসনৰ চকুত ধূলি দি সুৰা তৈয়াৰ কাৰ্য চাহ বাগান অঞ্চলসমূহত ঘটি থাকে৷ কিন্তু বিভাগীয় সকলো কৰ্তৃপক্ষ নিৰৱ দৰ্শক ৷

দিছপুৰে এই সুৰা সমূহত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও বিফল হয় ৷ কাৰণ এনেধৰণৰ চুলাই প্ৰস্তুত কৰা লোকে সম্প্ৰতি সমগ্ৰ ৰাজ্য চানী ধৰিছে ৷ ইফালে গোলাঘাটৰ শালমীৰা চাহ বাগানৰ এই দুখজনক ঘটনাৰ পিছত সম্প্ৰতি চাহ জনজাতিসকলৰ বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত কৰাটো বিচাৰিছে ৷ লগতে আৰ্থিক সাহাৰ্য্যৰ দাবী কৰিছে ৷

গোলাঘাটৰ সুৰা ট্ৰেজেদীয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যৰ সৰ্বত্ৰে ৷পৰিয়াল পৰিজনক হেৰুৱাই নিথৰুৱা হৈ পৰিছে বহুজন ৷ অনাকাংক্ষিত অমানিশাই বাকৰুদ্ধ কৰিছে বহু জনক। কোনোবাই যদি পিতৃক হেৰুৱাইছে৷কোনোবাই আকৌ ভ্ৰাতৃক।ভয় আৰু উত্তেজনাই বিৰাজ কৰিছে শালমৰাৰ বিভিন্ন অঞ্চলত। সম্প্ৰতি এই ঘটনাৰ পিছত চুলাই মদৰ ঘাটি উচ্চেদৰ ক্ষেত্ৰত চৰকাৰে কি ভূমুকি লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি