Begin typing your search above and press return to search.

সুৰা ট্ৰেজেডীৰ সন্দৰ্ভত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সাক্ষাৎ ৰাজ্যপাল জগদীশ মুখীক

সুৰা ট্ৰেজেডীৰ সন্দৰ্ভত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সাক্ষাৎ ৰাজ্যপাল জগদীশ মুখীক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 March 2019 10:30 AM GMT

উজনি অসমৰ সুৰা ট্ৰেজেডীৰ সন্দৰ্ভত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সাক্ষাৎ কৰে ৰাজ্যপাল জগদীশ মুখী ৷ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি সুৰা নিসিদ্ধ কৰাৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সমূহৰ বিষয়ে অৱগত কৰে আবকাৰী মন্ত্ৰী শুক্লবৈদ্যই । মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে, ইতিমধ্যে চুলাই বিৰোধী অভিযান আৰম্ভ কৰা হৈছে । যাতে চুলাই সেৱন কৰি পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ ঘটনা আৰু সংঘটিত নহয়।

ৰাজ্যপাল জগদীশ মুখীয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যক চাহ বাগান অঞ্চলসমুহৰ সকলো স্তৰত জাগৰণৰ সৃষ্টি কৰিব পৰা অভিযান আৰম্ভ কৰিবলৈ কয়। লগতে ৰাজ্যৰ সুৰা নিষিদ্ধ কৰা পৰিষদ সমূহে সুৰা বিৰোধী অভিযান সমূহ অতি ক্ষিপ্ৰতাৰে কৰিব লাগে বুলিও কয় ৰাজ্যপাল মুখীয়ে ৷ কেৱল চুলাইয়েই নহয় অন্য সুৰা সমূহেও মানব স্বাস্থ্যৰ কাৰণে অত্যন্ত ক্ষতিকাৰক ৷ গতিকে জনসাধাৰণক চুলাই সেৱনৰ পৰা বিৰত ৰাখিবলৈ সজাগতা অভিযান আৰম্ভ কৰিব লাগে ৷ এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে ৰাজ্যপাল জগদীশ মুখীয়ে চাহ বাগান অঞ্চল সমূহৰ লগতে কাষৰীয়া অঞ্চলসমূহত শিক্ষাৰ বিকাশৰ কাৰণে আৰু চুলাই বা তেনেধৰণৰ নিচা জাতীয় দ্ৰব্য সেৱন কৰাৰ পিছত মানব দেহত হোৱা প্ৰতিক্ৰিয়াৰ সম্পৰ্কে সজাগতা আনিবলৈ সজাগতা অভিযান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷

মন্ত্ৰী পৰিমল শুক্লবৈদ্যক বিভিন্ন সংস্থা সমূহক এনেধৰণৰ সজাগতা অভিযান কৰাৰ প্ৰসংগও উল্লেখ কৰে। ইফালে এই অভিযান বাছ ষ্টেণ্ড,বজাৰ,অথবা সাৰ্বজনিক অনুষ্ঠানসমূহত য’ত লোকসকলৰ বিভিন্ন কথা আলোচনা কৰা ঠাইসমূহত কৰিবলৈ কয় । আবকাৰী মন্ত্ৰীৰ পৰিমল শুক্লবৈদ্য আৰু ৰাজ্যপাল জগদীশ মুখীৰ লগত হোৱা এই বৈঠকখনত উপস্থিত আছিল আয়ুক্ত,সচিব , আবকাৰী বিষয়া ৰঞ্জনা বৰুৱা,আবকাৰী আয়ুক্ত ৰাকেশ কুমাৰ,অতিৰিক্ত আবকাৰী আয়ুক্ত সঞ্জীৱ মেধী ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি