নুমলীগড় শোধনাগাৰৰ এখন বৃহৎ বিতৰ্কিত প্ৰাচীৰ ৷ ঐতিহাসিক হস্তী দণ্ডিত সুউচ্চ প্ৰাচীৰ থিয় হৈ আছে ৷ এই প্ৰাচীৰ ভাঙিবৰ বাবে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ দুবাৰকৈ নিৰ্দেশ কিন্তু নুমলীগড় শোধনাগাৰ নাচোৰবান্দা ৷ দেৱাল ভঙাৰ কোনো উম ঘাম নাই ৷ এই লৈ চিন্তিত গোলাঘাট জিলা প্ৰশাসন ৷ যোৱা ২৩ আগষ্টত জিলা উপায়ুক্তই শোধনাগাৰক ২৯ আগষ্টৰ ভিতৰত সম্পুৰ্ণ দেৱাল ভাঙি পৰিস্কাৰ কৰাৰ নিৰ্দেশ দিয়ে নুমলীগড় শোধনাগাৰক ৷ কিন্তু ২৯ আগষ্ট পাৰ হ’ল ৷বিতৰ্কিত দেৱালত নপৰিল সামান্যতম টোকৰ ৷ এতিয়া বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন , জাতীয় সংগঠন জাঙোৰ খাই উঠিছে ৷ আদালত অবমাননাৰ মহাভিযোগ আনি আদালতৰ দাৰস্থ হব জীপাল কৃষক শ্ৰমিক সংঘ ৷ যাৰ পৰিণতিত জেল যাত্ৰা হব পাৰে এন আৰ এলৰ পৰিচালন সঞ্চালক , গোলাঘাট জিলা উপায়ুক্ত , গোলাঘাটৰ আৰক্ষী অধীক্ষক আৰু বন বিভাগৰ শীৰ্ষ বিষয়া ৷উল্লেখ্য যে বোকাখাটৰ প্ৰকৃিতিপ্ৰমী ৰোহিত চৌধুৰীয়ে ২০১৬ চনতে তৰা গোচৰৰ ভিত্তিত এই ৰায়দান ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰনৰ ৷ মাজত মাত্ৰ তিনিটা দিন বাকী ৷ইয়াৰ পিছত লক্ষণীয় হব এন আৰ এল আৰু সংশ্লিষ্ট পক্ষৰ কাৰ্যপন্থা ৷
Begin typing your search above and press return to search.