Begin typing your search above and press return to search.

সেনাৰ বিশেষ ক্ষমতা আইন (AFSPA) সংশোধনৰ কংগ্ৰেছৰ প্ৰস্তাৱে সশস্ত্ৰ বাহিনীক দুৰ্বল কৰিব: নিৰ্মলা সীতাৰমন

সেনাৰ বিশেষ ক্ষমতা আইন (AFSPA) সংশোধনৰ কংগ্ৰেছৰ প্ৰস্তাৱে সশস্ত্ৰ বাহিনীক দুৰ্বল কৰিব: নিৰ্মলা সীতাৰমন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 April 2019 11:39 AM GMT

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্ৰতিক্ৰিয়া । কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা সেনাৰ বিশেষ ক্ষমতা আইন( AFSPA) ১৯৫৮ ৰ সংশোধনিৰ প্ৰস্তাৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই আইনৰ সংশোধনিয়ে সশস্ত্ৰ বাহিনীক দুৰ্বল কৰিব ।

মংগলবাৰে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি প্ৰকাশ কৰিছিল যে যদি কংগ্ৰেছক ভোট দিয়ে তেতিয়া কংগ্ৰেছ ১৯৫৮ চনৰ সেনা বাহিনী বিশেষ ক্ষমতা আইন খন সংশোধন কৰি সেনা বাহিনীৰ ক্ষমতা আৰু মানৱ অধিকাৰৰ মাজত ভাৰাসাম্য ৰক্ষাত ব্যবস্থা গ্ৰহণ কৰিব । যাৰ ফলত যৌন নিৰ্যাতন ,নিৰ্যাতন ঘটনা হ্ৰাস হব বুলি প্ৰকাশ কৰিছিল ।

এক সংবাদমেল সম্বোধন কৰি নিৰ্মলা সীতাৰমনে প্ৰকাশ কৰে যে কংগ্ৰেছৰ এই নিৰ্বাচনী ইস্তাহাৰ সেনা বাহিনী দুৰ্বল হিচাপে প্ৰতিফলিত কৰিছে।

লগতে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰে যে সেনা বাহিনীৰ ক্ষমতা হ্ৰাস কৰি দুৰ্বল কৰি তুলিলে কিমান যুক্তি সংগত হব । সশস্ত্ৰ বাহিনীক দুৰ্বল কৰিবলৈ চেষ্টা কৰা হৈছে বুলি প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে।

লগতে প্ৰকাশ কৰে যে সশস্ত্ৰ বাহিনীয়ে নিজৰ জীৱনক বিপদাপন্ন কৰি দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে থিয় দি আহিছে। ছদ্মবেশী সন্ত্ৰাসবাদীক চিনাক্ত কৰি আহিছে ।

কংগ্ৰেছক কটাক্ষ্য কৰি কয় যে কংগ্ৰেছে ১৪ ফেব্ৰুৱাৰীত পুলোৱামা আক্ৰমণত নিহত জোৱান সকলক 'শ্বহীদ ' বুলি ঘোষণা কথা প্ৰকাশ কৰিছিল । পুলোৱামা আক্ৰমণত নিহত জোৱান সকলক শ্বহীদ ঘোষণা কৰাৰ বিপৰীতে আকৌ সেনা বাহিনীৰ বিশেষ ক্ষমতা হ্ৰাস কৰাৰ উল্লেখ কৰিছে কংগ্ৰেছে।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি