Begin typing your search above and press return to search.

সোণাৰিত অস্ত্ৰ সহ এনএছচিএন কেডাৰ আটক

সোণাৰিত অস্ত্ৰ সহ এনএছচিএন কেডাৰ আটক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Oct 2018 2:32 PM GMT

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা অঞ্চলৰ পৰা এজন এনএছচিএন কেডাৰ আটক হৈছে । সেনাৰ অভিযানত আটক হোৱা কেডাৰ জনক পাছত নামটোলা আৰক্ষীক চমজাই দিয়ে। ভাৰতীয় সেনাৰ দলে ৱাংলাই কন্যাক নামৰ কেডাৰ জনৰ পৰা এটা পইন্ট ২২ পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । নামতোলা অঞ্চলত ধৃত কেডাৰ জন বহুকেইটা ধন দাবী গোচৰত জড়িত আছিল বুলি জানিব পৰা গৈছে । নামতোলা আৰক্ষীয়ে অধিক তথ্যৰ বাবে কেডাৰ টোক জেৰা অব্যাহত ৰাখিছে।

Next Story