চৰাইদেউ জিলাৰ সোণাৰি আৰু সাপেখাতী উন্নয়ণ খণ্ডত ব্যাপক হাৰত সংঘটিত হোৱা দূৰ্নীতিৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তিৰ দাবীত আছু , যুৱ ছাত্ৰ পৰিষদ আৰু আটাছুয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।কিছু দিনৰ পূৰ্বে সোণাৰি গ্ৰীণভিউ হোটেলত পঞ্চায়ত সচিবৰ পৰা উৎকোচ লোৱা সময়তে আৰক্ষীয়ে হাতে লোটে আটক কৰিছিল পাঁচজনকৈ গাননিকক। দুৰ্নীতি গাপ দিবলৈ উৎকোচ দিয়া কাৰ্যত স্বয়ং অভয়পুৰ আৰু সাপেখাতী উন্নয়ন খণ্ডৰ বিডিঅ' গৰাকী জড়িত থকা বুলি দাবী কৰি তিনিটাকৈ সংগঠনে সোণাৰি লাচিত উদ্যানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বিষয়া গৰাকী লগতে দুৰ্নীতিত জড়িত সকলোকে তদন্তৰ আওটালৈ আনিবলৈ দাবী জনায়।
Begin typing your search above and press return to search.