Begin typing your search above and press return to search.

সোণাৰিত বিদ্যালয়ৰ প্ৰসাৱগাৰৰ বেৰ ভাঙি আহত হোৱা ছাত্ৰৰ মৃত্যু

সোণাৰিত বিদ্যালয়ৰ প্ৰসাৱগাৰৰ বেৰ ভাঙি আহত হোৱা ছাত্ৰৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:35 AM GMT

সোণাৰিৰ ব্যক্তিগত খণ্ডৰ অভিজাত্য বিদ্যালয় ছেইণ্ট যোছেফ হাইস্কুলত ৯আগষ্টৰ জিৰণি সময়ত লগৰীয়া সতে খেলি থাকোতে আকস্মিক ভাবে বিদ্যালয়ৰ চৌহদৰ পুৰণা প্ৰসাৱগাৰৰ পকী বেৰ ভাঙি হেচা মাৰি ধৰাত কাশ্মিৰ মহন আৰু মমী মহনৰ একমাত্ৰ সন্তান চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰংগৰাজন মহন গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। যি খন বিদ্যালয়ৰ কৰ্মকৰ্তাই এক মাত্ৰ ধনৰ লালসাতে ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তা দিশলৈ গুৰুত্ব প্ৰদান নকৰি শিক্ষা প্ৰদান কৰাৰ নামত শিক্ষাক বাণিজ্যিকৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।শিক্ষা গ্ৰহণ কৰিবলে আহি এগৰাকী কণমানি ছাত্ৰই বিদ্যালয়ৰ পুৰণা প্ৰসাৱগাৰৰ ভাঙি পৰা বেৰ হেচাত মৃত্যু হোৱাৰ ঘটনাই বিদ্যালয় খনৰ চূড়ান্ত দ্বায়িত্বহীনতাৰ কথাকে উদঙাই দিলে।তাৰ পাছতো ব্যক্তিগত বিদ্যালয়ক নাকী লগাম বুলি দম্ভালি মৰা ৰাজ্যৰ শিক্ষা মন্ত্ৰী গৰাকী মৌন।আনহাতে ছাত্ৰ জনৰ মৃত্যুত বিদ্যালয় ছুটি দিয়েই যেন দ্বায়িত্ব সামৰিব বিছাৰিছে।মানুহ হবলৈ বুলি একমাত্ৰ সন্তানক ছেইণ্ট যোছেফ হাই স্কুলত নামভৰ্ত্তি কৰাই দিয়া পাছত বিদ্যালয় কতৃপক্ষৰ চৰম হেমাহীৰ বাবে একমাত্ৰ পুত্ৰক হেৰুৱাই ভাৰাক্ৰান্ত হৈ পৰিছে দূৰ্ভগীয়া ছাত্ৰজনৰ পিতৃ-মাতৃ।

Next Story
চাকৰি