দুটা বছৰৰ পূৰ্বে আজিৰ দিনটোতে ভাৰতীয় সেনাই নিজৰ সীমা অতিক্ৰম কৰি চিৰ বৈৰী পাকিস্তানৰ সীমাত প্ৰবেশ কৰি চলাইছিল ছাৰ্জিকেল ষ্ট্ৰাইক। এই ছাৰ্জিকেল ষ্ট্ৰাইকত ধ্বংশ কৰিছিল পাক ৰেঞ্জাৰচ্ৰ বাংকাৰ আৰু শিবিৰ।সমগ্ৰ দেশত আজিৰ এই দিনটোত পৰাক্ৰ'ম দিৱস হিচাপে পালন কৰিছে।ইয়াৰ লগত সংগতি ৰাখি সোণাৰিস্থিত ভাৰতীয় সেনাই সোণাৰি মহাবিদ্যালয়ত এক অস্ত্ৰ প্ৰদৰ্শনীৰ লগতে সেনাত অন্তৰ্ভুক্ত হোৱাৰ প্ৰক্ৰিয়াৰ সজাগতা সৃষ্টি কৰে।ইফালে সোণাৰি মহাবিদ্যালয়ৰ ছাত্র একতা সভা আৰু শিক্ষক-কৰ্মচাৰীৰ উদ্যোগত উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি "যত পৰিস্কাৰ তাত সংস্কাৰ" শীৰ্ষক মহাবিদ্যালয়ৰ চৌপাশ চাফাইৰ এক কাৰ্যসূচী ৰুপায়ন কৰে।
Begin typing your search above and press return to search.