বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰিয়ে ৰাজ্যত প্ৰতিষ্ঠা হ'বলগীয়া ১৯ খন কেন্সাৰ হস্পিতালৰ বাবে কোকৰাঝাৰ জিলাৰ দেৱৰগাঁৱৰ ওচৰত বেচৰগাঁৱত সোমবাৰে অনুষ্ঠিত ভূমিপূজনত অংশ লৈ কয় যে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়খন সোনকালে আৰম্ভ কৰাৰ ক্ষেত্ৰত তেওঁ আশাবাদী। মহিলাৰিয়ে কোকৰাঝাৰত প্ৰতিষ্ঠা হ'বলগীয়া ভূমিপূজনৰ প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্জ্বলন অনুষ্ঠানত অংশ লয়। তেওঁ সংবাদমাধ্যমৰ আগত কয় যে অসমৰ বিভিন্ন ঠাইত কেন্সাৰ চেণ্টাৰ হোৱাটো অতি প্ৰয়োজনীয় যিহেতু ৰাজ্যখনত কেন্সাৰ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ৰাজ্যখনৰ লোকসকলে কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত বহুতো জটিলতাৰ সম্মুখীন হৈ আহিছে, এইক্ষেত্ৰত এই কেন্সাৰ কেন্দ্ৰসমূহে ৰাইজক যথেষ্ট সকাহ দিব।
সোনকালেই আৰম্ভ হ’ব কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়: ক’লে মহিলাৰিয়ে

Next Story