Begin typing your search above and press return to search.

সোমবাৰে ঘোষণা কৰা চিবিএচইৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ হাৰ ৭৪.৪৯ শতাংশ উত্তৰপূবত

সোমবাৰে ঘোষণা কৰা চিবিএচইৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ হাৰ ৭৪.৪৯ শতাংশ উত্তৰপূবত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 May 2019 7:38 AM GMT

সোমবাৰে ঘোষণা কৰা চিবিএচইৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত উত্তৰ পূবৰ ৰাজ্যসমূহৰ উত্তীৰ্ণৰ হাৰ হ’ল ৭৪.৪৯ শতাংশ ৷চিবিএচই দশম শ্ৰেনীৰ পৰীক্ষাত গুৱাহাটী ক্ষেত্ৰৰ ৬৩,২৩৮ পৰীক্ষাৰ্থীৰ ভিতৰত ৪২,২৮৫ জন পৰীক্ষাৰ্থীয়ে সুখ্যাতিৰে সুনাম অৰ্জন কৰে ৷ উত্তীৰ্ণসকলৰ ভিতৰত ৭৪.৬১ শতাংশ হ’ল ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা হ’ল ৭৪.৩৬ শতাংশ ৷ চিবিএচই পৰীক্ষাৰ গুৱাহাটী ক্ষেত্ৰই চিকিম সহিতে সকলো উত্তৰ পূবৰ ৰাজ্যক সাঙুৰি লয় । ইফালে কেন্দ্ৰীয় বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ হৈছে ৯৮.৪৭ শতাংশ ৷

জৱাহৰ নবোদয় বিদ্যালযৰ উত্তীৰ্ণৰ হাৰ হ’ল ৯৫.১৩ শতাংশ ।দ্বিতীয়তে ব্যক্তিগত বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ ৯২.৭৩ শতাংশ, চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ ৫২.৬৭ শতাংশৰে সকলোতকৈ কম দেখিবলৈ পোৱা যায়। অৰুণাচল প্ৰদেশৰ চৰকাৰী বিদ্যালয়ত প্ৰায়ে চিবিএচইৰ চূড়ান্ত ফলাফল সন্তোষজনক নহয় ৷চিবিএচই কাৰ্যালয়ৰ পৰা নিয়মিত নিৰ্দেশ প্ৰাপ্ত হোৱাৰ পিছতো তেওঁলোকৰ ফলাফলত কোনো পৰিৱৰ্তন দেখা নাই ৷উত্তৰ পূবত ৯৬৬ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে চলিত বৰ্ষত ৩৩৭ টা কেন্দ্ৰত দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷

পানবজাৰস্থিত ডন বক্স’ বিদ্যালয়ে চিবিএচইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়। পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৭৪ জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৬৩ জনে ৯০ শতাংশৰ অধিক নম্বৰৰ লগতে ৬১ জনে সকলো বিষয়ত ৮০ শতাংশ নম্বৰ লাভ কৰে ৷ অমন পাটানি নামৰ শীৰ্ষ স্থান পোৱা ছাত্ৰ জনে ৯৬.৪ শতাংশ নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনে বিদ্যালয় খনলৈ ৷ গুৱাহাটীৰ মৰ্ডাণ স্কুলে ভাল ফলাফল প্ৰদৰ্শন কৰে ৷বিদ্যালয়খনত ১১৩ জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত ১৭ জন ছাত্ৰ ছাত্ৰীয়ে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰে ৷২৩ জনে সকলো বিষয়ত ৮০ শতাংশ নম্বৰ লাভ কৰে ।

বিদ্যালয়খনৰ আহমদ ৰকী শইকীয়াই ৯৮.৬ শতাংশ নম্বৰেৰে শীৰ্ষস্থান লাভ কৰে। উল্লেখযোগ্য যে দেশৰ ভিতৰতে ১৩ জন ছাত্ৰ ছাত্ৰীয়ে ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰৰ লাভ কৰে চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৷ ২৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৫০০ নম্বৰৰ ভিতৰত ৪৯৮ নম্বৰ লাভ কৰে আৰু ৫৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৫০০ ৰ ভিতৰত ৪৯৭ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি