‘স্পাইডাৰ মেন’ৰ স্ৰষ্টা ষ্টান লীৰ দেহাৱসান

স্পাইদাৰ মেন, এক্স মেন, হল্ক, আয়ৰণ মেন, ব্লেক পেন্থৰ স্ৰষ্টা ষ্টান লী লছ এঞ্জেলছৰ সীদৰ্স সীনাই মেডিকেল চেন্টাৰত মৃত্যু ঘটে । বিশিষ্ট লেখকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৫ বছৰ ।
১৯৬১ চনত ডি ফেন্টাস্টিক ফ'ৰৰে আৰম্ভ কৰিছিল মাৰ্ভেল কমিকচ । সমগ্ৰ বিশ্বৰ শিশুৰ লগতে সৰ্বস্তৰৰ লোকৰ মাজত জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ হৈ পৰিছিল ষ্টান লীৰ স্পাইডাৰ মেন । ১৯৬২ চনত প্ৰথমবাৰৰ বাবে স্পাইডাৰ মেনক ‘এমেজিং ফেণ্টাচী’ৰ জৰিয়তে জীৱন্ত কৰি তুলিছিল লীয়ে ।
সমগ্ৰ বিশ্বতে এতিয়াও সমাদৰ লাভ কৰি আহিছে লী ৰ চৰিত্ৰ সমূহে । ২০০২ চনত লীৰ এই কাৰ্টুন চৰিত্ৰই লাভ কৰে চলচিত্ৰ ৰূপ । আলোচনী আৰু কিতাপৰ পাতত সফলতাৰ পিছত চলচিত্ৰ হিচাপে সমগ্ৰ বিশ্বতে অভূতপূৰ্ব জনপ্ৰিয়তা লভা কৰিবলৈ সমৰ্থ হয় স্পাইডাৰ মেনে ।
মঙলবাৰে পুৱা প্ৰসিদ্ধ শিল্পী তথা সাহিত্যিকগৰাকীৰ মৃত্যুৰ দুসংবাদ বিশ্ববাসীক টুইটযোগে জানিবলৈ দিয়ে তেওঁৰ কন্যাই । ‘স্পাইডাৰ মেন’ৰ স্ৰষ্টা ষ্টান লীৰ মৃত্যুত সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পৰিছে ।