Begin typing your search above and press return to search.

স্বচ্ছতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে সজাগতা সভা

স্বচ্ছতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে সজাগতা সভা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:52 AM GMT

ডিব্ৰুগড় জিলাৰ ডিএইচএছকে কলেজত জিলাখনৰ খোৱা পানী আৰু স্বচ্ছা কমিটীয়ে মহাবিদ্যালয় খনৰ সমিটীৰ উদ্যোগত মহাবিদ্যালয় খনৰ স্বাস্থ্য আৰু স্বচ্ছা ক্লাৱে স্বচ্ছ ভাৰত মিছনৰ অধীনত এখন সজাগতা সভাৰ আয়োজন কৰে।সভা খনত চিএইচএছচিৰ সৈতে জিলা খনৰ বিভিন্ন কলেজৰ ২৭টা ক্লাৱে অংশ গ্ৰহন কৰে।

ভিন্ন কলেজ ক্লাৱৰ এই জনসমাগমত ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মুদ্দাৰী উপস্থিতি ভাষনত মত প্ৰদান কৰি কয় যে,ডিব্ৰুগড় বিশ্ববিদ্যালয়েও স্বচ্ছাতাৰ ওপৰত সহযোগ প্ৰদান কৰে আৰু পিছত জনোৱা অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে স্বচ্ছতাৰ বাবে জিলা প্ৰশাসন আৰু ডিডিডি ডাব্লইউ এছ চিৰ সৈতে ২০১৫চনত এখন স্মাৰক পত্ৰত চহী প্ৰদান কৰিছিল।ইয়াৰ উপৰিও বিশ্ববিদ্যালয় খনে বহু কেইখন গাঁও আৰু চাহ বাগানৰ বাবে অপৰিস্কাৰ মুক্ত কাৰ্য্যসূচী গ্ৰহন কৰে।

ইয়াৰ উপৰিও মাদ্দুৰীয়ে কয় যে,স্বচ্ছ ভাৰত মিছন খন কেৱল বিজ্ঞানসন্মত শৌচাগাৰ নিৰ্মান কৰাৰ বাবেই নহয়,ইয়াৰ প্ৰকৃত অৰ্থ হৈছে জিলা খন অপৰিস্কাৰ মুক্ত হিচাপে গঢ়ি তোলা,চাৰিওপাশ চাফাকৈ ৰখা,পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনাৰ বাবে বিজ্ঞানসন্মত দিশ নিৰ্ণয় কৰা।সভা খনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপচাৰ্য্য ড° ৰঞ্জিত তামুলী,ডিব্ৰুগড়ৰ চিডিচিৰ সঞ্চালক ৰূপম শইকীয়া আৰু পাব্লিক হেল্থ ইনঞ্জিনিয়াৰিং কাৰ্য্যবাহী অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা।

Next Story
চাকৰি